পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১[ নৱম ভাগ পঞ্চায়ত সমূহ ২৪৩ | এই ভাগত, প্ৰসঙ্গত অন্যথা আপেক্ষিত নহলে - পৰিভাষা। (ক) “জিলা” মানে কোনো ৰাজ্যৰ এখন জিলা

(খ) “গাওঁসভা” মানে গাওঁ স্তৰত পঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত সমাবিষ্ট কোনো গাওঁৰ লগত সম্পৰ্কিত নিৰ্বাচক নামাৱলীত পঞ্জীভুক্ত ব্যক্তি সমূহেৰে গঠিত কোনো নিকায়; (গ) “মধ্যৱৰ্তী স্তৰ” মানে এই ভাগৰ প্ৰয়োজনাৰ্থে মধ্যৱৰ্ত্তী স্তৰ বুলি কোনো ৰাজ্যৰ ৰাজ্যপালে অধিসূচনাৰ দ্বাৰা বিনিদ্দিষ্ট কৰা গাওঁ বা জিলা স্তৰ সমূহৰ মাজৰ কোনো স্তৰ; (ঘ) “পঞ্চায়ত” মানে গ্ৰামীণ ক্ষেত্ৰৰ বাবে অনুচ্ছেদ ২৪৩ খ ৰ অধীনত গঠিত স্বায়ত্ত শাসনৰ (ষি নামেৰেই অভিহিত হওক) কোনো সংস্থা; (ঙ) “পঞ্চায়ত ক্ষেত্ৰ” মানে পঞ্চায়তৰ প্ৰাদেশিক ক্ষেত্ৰ; (চ) “জন সংখ্যা” মানে, অন্তিম পূৰ্বৱৰ্তী জনগণনাত অভিনিশ্চিত কৰা জনসংখ্যা যাৰ সুসঙ্গত সংখ্যা প্ৰকাশিত হৈছে; (ছ) “গাওঁ”মানে ৰাজ্যপালে এই ভাগৰ প্ৰয়োজনাৰ্থে কোনো গাওঁ বুলি লোক অধিসূচনাৰ দ্বাৰা বিনিৰ্দিষ্ট কৰা কোনো গাওঁ আৰু এনেদৰে বিনিৰ্দিষ্ট কৰা গাওঁ সমূহৰ সমষ্টিও অন্তৰ্ভুক্ত কৰে। ২৪৩। গাওঁ সভাই গাওঁ স্তৰত এনে ক্ষমতাৱলী প্ৰয়োগ আৰু এনে কৃত্যৰ পালন কৰিব পাৰিব যাক বিধিৰ দ্বাৰা কোনো ৰাজ্যৰ বিধান মণ্ডলে উপবন্ধিত কৰে। গাওঁ সভা। ২৪৩খ। (১) প্ৰত্যেক ৰাজ্যৰ গাওঁত, মধ্যৱৰ্তী আৰু জিলা স্তৰত এই ভাগৰ উপবন্ধ সমূহ অনুসাৰে পঞ্চায়তসমূহ গঠন কৰা হ'ব। পঞ্চায়ত সমূহৰ গঠন। (২) খণ্ড (১)ত কোনো কথা থকা সত্ত্বেও, মধ্যৱৰ্ত্তী স্তৰত পঞ্চায়তসমূহ অনধিক বিশ লাখ জনসংখ্যা থকা কোনো ৰাজ্যত গঠন কৰা নহ'ব। ২৪৩গ।(১) এই ভাগৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা পঞ্চায়ত সমূহৰ বিৰচনাৰ সম্পৰ্কত উপবন্ধ সমূহ প্ৰণয়ন কৰিব পাৰিব? পুৰন্তু, যিকোনো স্তৰত পঞ্চায়তৰ প্ৰাদেশিক ক্ষেত্ৰৰ জনসংখ্যা,আৰু এনে নিৰ্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া এনে পঞ্চায়তৰ আসন সমূহৰ সংখ্যাৰ মাজৰ অনুপাত যিমানদূৰ সম্ভৱ সমগ্ৰ ৰাজ্য খনত একেই হব। পঞ্চায়ত সমূহৰ বিৰচনা। • ! (২) কোনো পঞ্চায়তৰ সকলো আসন পঞ্চায়ত ক্ষেত্ৰৰ প্ৰাদেশিক নিৰ্বাচন সমষ্টি সমূহৰ পৰা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা বাছি লোৱা ব্যক্তি সমূহৰ দ্বাৰা পূৰণ কৰা হব আৰু এই প্ৰয়োজনাৰ্থে প্ৰত্যেক পঞ্চায়ত ক্ষেত্ৰৰ প্ৰাদেশিক নিৰ্বাচন সমষ্টিত এনে ৰীতিৰে বিভাজন কৰিব যে প্ৰত্যেক নিৰ্বাচন সমষ্টিৰ জনসংখ্যা আৰু ইয়াত.আৰণ্টন কৰা আসনৰ সংখ্যাৰ মাজৰ অনুপাত যিমানদূৰ সম্ভৱ সমগ্ৰ পঞ্চায়ত ক্ষেত্ৰত একেই হব। ১। সংবিধান (ত্ৰিসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ ধাৰা ২ৰ দ্বাৰা অন্তঃস্থাপিত (২৪- ৪-১৯৯৩ ৰ পৰা প্ৰভাবী হোৱাকৈ)।