পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান সংঘ ৰাজ্যক্ষেত্ৰ সমূহৰ কাবণে উচ্চ ন্যায়ালয়। অষ্টম ভাগসংঘ ৰাজ্যক্ষেত্ৰ সমূহ - অনুচ্ছেদ- ২৪১-২৪২ ২৪১।(১) সংসদে বিধিৰ দ্বাৰা কোনো [সংঘ ৰাজ্যক্ষেত্ৰ] কাৰণে উচ্চ ন্যায়ালয় গঠিত কৰিব পাৰে বা এই সংবিধানৰ সকলো বা যিকোনো প্ৰয়োজনৰ কাৰণে [তেনে কোনো ৰাজ্যক্ষেত্ৰত} থকা কোনো ন্যায়লয়ক উচ্চ ন্যায়লয় বুলি ঘোষণা কৰিব পাৰে। (২) সংসদে বিধিৰ দ্বাৰা উপবন্ধিত কৰিব পৰা তেনেকুৱা সাল-সলনি বা ব্যতিক্ৰম সমূহৰ সাপেক্ষে য়ষ্ঠ ভাগৰ পঞ্চম অধ্যায়ৰ উপবন্ধ সমূহ অনুচ্ছেদ ২৪১ত নিৰ্দেশিত উচ্চ ন্যায়লয় সম্বন্ধে প্ৰয়োগ হোৱাৰ দৰে খণ্ড (১) ত নিদ্দেশিত প্ৰত্যেক উচ্চ ন্যায়ালয় সম্বন্ধেও প্ৰয়োগ হ'ব। .... [(৩) এই সংবিধানৰ,উপবন্ধ সমূহ আৰু এই সংবিধানৰ দ্বাৰা বা অধীনত সচিত, বিধান মণ্ডলক অৰ্পণকৰা ক্ষমতাৰ আধাৰত সেই বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ উপবন্ধ সমূহৰ অধীনত সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ব প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে যিকোনো সংঘ। ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা প্ৰত্যেক উচ্চ ন্যায়ালয়ে এনে প্ৰাৰম্ভণিৰ পিচতো সেই ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত এনে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰিয়েই থাকিব। . (৪) এই অনুচ্ছেদৰ কোনো কথাই কোনো ৰাজ্যৰ কোনো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰক, কোনো সংঘ ৰাজ্যক্ষেত্ৰ বা তাৰ কোনো ভাগলৈ বিস্তাৰ কৰিবলৈ বা তাৰ পৰা বহিৰ্ভূত কৰিবলৈ সংসদৰ ক্ষমতাৰ অল্পীকৰণ নকৰিব।] ২৪২। (কুৰ্গ) সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা নিৰসিত। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা প্ৰথম অনুসূচীৰ গ ভাগত নিৰূপিত ৰাজ্যৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ২।উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা তেনে কোনোবাজ্যৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত। ৩। উক্ত অধিনিয়মৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা মূল খণ্ড (৩) আৰু (৪) ৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত।