পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৮৯ অষ্টম ভাগ-সংঘ ৰাজ্যক্ষেত্ৰ সমূহ -অনুচ্ছেদ ২৪০ পিৰন্তু, যেতিয়া গোৱা, [দমন দিউ,পিণ্ডীচেৰী, মিজোৰাম বা অৰুণাচল প্ৰদেশ সংঘ ৰাজ্য ক্ষেত্ৰৰ বাবে বিধান মণ্ডল ৰূপে কৃত্য কৰিবলৈ অনুচ্ছেদ ২৩৯ ক ৰ অধীনত কোনো নিকায় সৃষ্টি কৰা হয়, তেতিয়া বিধান মণ্ডলৰ প্ৰথম অধিৱেশনৰ বাবে নিয়ত তাৰিখৰ পৰা ৰাষ্ট্ৰপতিয়ে সেই সংঘ ৰাজ্যক্ষেত্ৰৰ শান্তি, উন্নতি আৰু সুশাসনৰ বাবে কোনো বিনিয়ম প্ৰণয়ন নকৰিব।] অধিকন্তু, যেতিয়া গোৱা দমন আৰু দিউ [পণ্ডীচেৰী, মিজোৰাম বা অৰুণাচল প্ৰদেশ} সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে বিধান মণ্ডল ৰূপে কৃত্য কৰি থকা নিকায় বিঘটিত হয়; অথবা অনুচ্ছেদ ২৩৯ক ৰ খণ্ড (১) ত উল্লিখিত এনে কোনো বিধঅধীনত লোৱা কাৰ্য্য ব্যৱস্থাৰ ফলত সেই নিকায়ে তেনে বিধান মণ্ডল হিচাবে কৃত্য কৰাটো নিলম্বিত হৈথাকে তেতিয়া ৰাষ্ট্ৰপতিয়ে এনে বিঘটনৰবা নিলম্বনৰ কালছোৱাত সেই সংঘ ৰাজ্যক্ষেত্ৰৰ শান্তি, উন্নতি আৰু সুশাসনৰ বাবে বিনিয়ম কৰিব পাৰে। (২) এনেদৰে প্ৰণয়ন কৰা যিকোনো বিনিয়মে সংসদৰ দ্বাৰা প্ৰণয়ন কৰা যিকোনো অধিনিয়মক বা * [আন যিকোনো বিধিক], যিবিলাক নেকি তত্ সময় সেই সংঘ ৰাজ্যক্ষেত্ৰত প্ৰযোজ্য থাকে তাক নিৰসন বা সংশোধন কৰিব পাৰে আৰু যেতিয়া ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰখ্যাপিত হয় তেতিয়া তাৰ, সেই ৰাজ্যক্ষেত্ৰত প্ৰযুক্ত সংসদৰ কোনো অধিনিয়মৰ যি বল আৰু প্ৰভৱ থাকে সেই একেই বল আৰু প্ৰভাৱ হ'ব। / ১।সংবিধান চতুৰ্দশ সংশোধন) অধিনিয়ম, ১৯৬২ ৰ ধাৰা ৫ ৰ দ্বাৰা অন্তঃস্থাপিত। ২। সংবিধান (সপ্তবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ ৰ ধাৰা ৪ ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (১৫-২- ৭২ তাংৰ পৰা)। ৩ | সংবিধান (সপ্তবিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ ৰ ধাৰা ৩ ৰ দ্বাৰা “ পণ্ডীচেৰী বা মিজোৰামৰ পুৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। ৪। সংবিধান (সপ্তবিংশ সংশোধন) অধিনিয়ম, ১৯৭১,৪ ধাৰাৰ দ্বাৰা কোনো বিদ্যমান বিধি’ৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত।