পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ ভাৰতৰ সংবিধান। দিল্লীৰ সম্পৰ্কত বিশেষ উপবন্ধসমূহ। অষ্টম ভাগ-সংঘ ৰাজ্যক্ষেত্ৰ সমূহ-অনুচ্ছেদ ২৩৯ কক [২৩৯ কক।(১) সংবিধান (ঊনসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯১ৰ প্ৰাৰৰ তাৰিখৰ পৰা দিল্লীৰ সংঘ ৰাজ্যক্ষেত্ৰ, দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ বুলি অভিহিত হব (ইয়াৰ পিচত এই ভাগত ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ বুলি নিৰ্দেশিত) আৰু অনুচ্ছেদ ২৩৯ৰ অধীনত নিযুক্ত ইয়াৰ প্ৰশাসকক উপৰাজ্যপাল হিচাবে পদাভিহিত কৰা হ’ব। , (২) (ক) ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ খনৰ বাবে এখন বিধান সভা থাকিব আৰু এনে সভাত আসনসমূহ,ৰাষ্ট্ৰীয় ৰাজধানীৰাজ্যক্ষেত্ৰত থকা প্ৰাদেশিক নিৰ্বাচন সমষ্টিসমূহৰ পৰা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা মনোনীত হোৱা সদসাসকলৰ দ্বাৰা পূৰণ কৰা হ'ব। (খ) বিধান সভাখনত আসনৰ মুঠ সংখ্যা, অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন সংখ্যা, ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰখনৰ প্ৰাদেশিক নিৰ্বাচন সমষ্টিসমূহত বিভাজন (এনে বিভাজনৰ কাৰণে ভিত্তিসমূহ অন্তত কৰি) আৰু বিধান সভাখনৰ কাৰ্য্যকৰণৰ সম্বন্ধত, আন সকলো বিষয় সংসদৰ। দ্বাৰা প্ৰণীত কৰা বিধিৰ দ্বাৰা বিনিয়মিত কৰা হ'ব। (গ) অনুচ্ছেদ ৩২৪ৰ পৰা ৩২৭ আৰু অনুচ্ছেদ ৩২৯ৰ উপবন্ধসমূহ, ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ, ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰৰ বিধান সভা আৰু তাৰ সদস্যসকলৰ সম্বন্ধত প্ৰয়োেগ হ’ব যিদৰে সেইবোৰ কোনো ৰাজ্য, ৰাজ্যৰ বিধান সভা আৰু ইয়াৰ সদস্যসকলৰ সম্বন্ধত যথাক্ৰমে প্ৰয়োগ হয়; আৰু অনুচ্ছেদ ৩২৬ আৰু ৩২৯ত “সমুচিত বিধান মণ্ডললৈ কৰা কোনো নিৰ্দেশক সংসদলৈ কৰা। নিৰ্দেশ বুলি গণ্য কৰা হ'ব।

(৩) (ক) এই সংবিধানৰ উপবন্ধসমূহ সাপেক্ষে, ৰাজ্য সূচীৰ প্ৰবিষ্টি ১,২ আৰু ১৮ আৰু সেই সূচীৰ প্ৰবিষ্টি ৬৪,৬৫ আৰু ৬৬ যি পৰ্য্যন্ত সেইবোৰ উক্ত প্ৰবিষ্টি ১,২, আৰু ১৮ৰ সম্পৰ্কীয় হয় তাৰ ব্যতিৰেকে ৰাজ্য সূচী আৰু সমবৰ্তী সূচীত সন্নিবিষ্ট যিকোনো বিষয়ৰ সম্বন্ধত, যি পৰ্য্যন্ত এনে কোনো বিষয় সংঘ ৰাজ্যক্ষেত্ৰত প্ৰযোজ্য হ, ৰাষ্ট্ৰীয় ৰাজধানী ৰাজক্ষেত্ৰখনৰ সম্পূৰ্ণ বা কোনো অংশৰ বাবে বিধি প্ৰণয়ন কৰিবলৈ বিধান সভাৰ ক্ষমতা থাকিব। (খ) উপখণ্ড (ক)ৰ কোনো কথাই কোনো সংঘ ৰাজ্যক্ষেত্ৰ বা ইয়াৰ কোনো ভাগৰ বাবে কোনো বিষয় সম্বন্ধত বিধি প্ৰণয়ন কৰিবলৈ এই সংবিধানৰ অধীনত সংসদৰ ক্ষমতাৰ অল্পীকৰণ নকৰিব। (গ) কোনো বিষয় সম্বন্ধত বিধান সভাৰ দ্বাৰা প্ৰণীত বিধিৰ কোনো উপবন্ধ সেই বিষয় সম্বন্ধত সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ কোনো উপবন্ধৰ বিৰোধ হ'লে বিধান সভাৰ দ্বাৰা প্ৰণীত বিধিৰ পূৰ্বে বা পিচতেই পাৰিত কৰা হওক, বা বিধান সভাৰ দ্বাৰা প্ৰণীত বিধি ভিন্ন, কোনো পূৰ্বৰ বিধিৰ কোনো উপবন্ধৰ যদি প্ৰতিকূল হয়, তেতিয়া উভয় ক্ষেত্ৰতে, সংসদৰ দ্বাৰা প্ৰণীত বিধি বা ক্ষেত্ৰবিশেষে এনে পূৰ্বৰ বিধি বাহাল থাকিব আৰু বিধান সৃভাৰ দ্বাৰা প্ৰণীত বিধি বিৰোধ পৰ্যন্ত বাতিল হ’ব? পৰন্তু, বিধান সভাৰ দ্বাৰা প্ৰণীত এনে কোনো বিধি যদি ৰাষ্ট্ৰপতিৰ বিবেচনাৰ কাৰণে সংৰক্ষিত কৰা হৈছে আৰু তেওঁৰ সন্মতি পাইছে, এনে বিধি ৰাষ্ট্ৰীয় ৰাজধানী ৰাজক্ষেত্ৰত বাহাল থাকিব ও উপন্তু, এই উপখণ্ডৰ কোনো কথাই, বিধান সভাৰ দ্বাৰা এনেদৰেণীত বিধিৰ পৰিৱৰ্ধন, সংশোধন, পৰিৱৰ্তন বা নিৰসন কৰা বিধি অন্তৰ্গত কৰি একেই বিষয়ৰ সম্বন্ধত কোনো সময়ত কোনো বিধি অধিনিয়মিত কৰাৰ পৰা সংসদক বাৰণ নকৰিব। ১। সংবিধান (উনসপ্ততিতম সংশোধন) অধিনিয়ম ১৯৯১ৰ ধাৰা ২ৰ দ্বাৰা অন্তঃস্থাপিত (১-২-১৯৯২ৰ পৰা প্ৰভাৱী হোৱাকৈ)।