পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম ভাগ [ সংঘ ৰাজ্যক্ষেত্ৰ সমূহ] ২[ ২৩৯(১) সংসদৰ দ্বাৰা কৰা বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত ব্যৱস্থাৰ ব্যতিৰেকে, প্ৰত্যেকখন সংঘ ৰাজ্যক্ষেত্ৰ সংঘ ৰাজ্যক্ষেত্ৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা, তেওঁ যি পৰ্য্যন্ত উচিত বুলি ভাবে সেই পৰ্য্যন্ত তেওঁৰ দ্বাৰা আৰু সমূহৰ প্ৰশাসন। তেওঁ বিনিৰ্দিষ্ট কৰি দিয়া পদবীৰে নিযুক্ত কোনো প্ৰশাসকৰ যোগেদি প্ৰশাসিত হ'ব। (২) যষ্ঠ ভাগত যিকোনো কথা থকা সত্ত্বেও ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যৰ ৰাজ্যপালক পাৰ্শ্ববৰ্তী কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসক নিযুক্ত কৰিব পাৰে আৰু যেতিয়ানেকি কোনো ৰাজ্যপাল এনেদৰে নিযুক্ত হয়, তেতিয়া তেওঁ এনে প্ৰশাসক’ৰূপে তেওঁৰ কৃত্যসমূহ তেওঁৰ মন্ত্ৰী-পৰিষদৰ পৰা স্বতন্ত্ৰ ভাবে পালন কৰিব।

৩ ( ২৩৯ ক।(১) সংসদে, বিধিৰ দ্বাৰা * [ "! ] কোনো কোনো সংঘ [ 1 [ ] [ পণ্ডিচেৰী, ১৭ সংঘ, ৰাজ্যক্ষেত্ৰৰ বাবে ৰাজ্যক্ষেত্ৰৰ বাবে ] স্থানীয় বিধান মণ্ডলী বা মন্ত্ৰী-পৰিষদ বা (ক) সংঘ ৰাজ্যক্ষেত্ৰ খনৰ বিধান মণ্ডলৰূপে কৃত্য কৰিবলৈ লাগিলে নিৰ্বাচিতই হওক অথবা ভাগতঃ মনোনীত আৰু ভাগতঃ নিৰ্বাচিতই হওক এক নিকায়, অথবা : দুয়োটাৰে সৃষ্টি। (খ) এক মন্ত্ৰী-পৰিষদ, অথবা দুয়োটাকে প্ৰত্যেক ক্ষেত্ৰতে বিধিত যথা বিনিৰ্দিষ্ট কৰা অনুসৰি গাঠনি, ক্ষমতা আৰু কৃত্য সমূহৰ সৈতে সৃষ্টি কৰিব পাৰে। (২) খণ্ড (১) ত নিৰ্দেশিত কৰা এনে কোনো বিধিক অনুচ্ছেদ ৩৬৮ৰ প্ৰয়োজনৰ বাবে এই সংবিধানৰ কোনো সংশোধন বুলি গণ্য কৰা নহ'ব লাগিলে তাত এনে কোনো উপবন্ধৰ অন্তৰ্বিষ্টই থাওক যিনেকি এই সংবিধান সংশোধন কৰে বা যাৰ নেকি এই সংবিধান সংশোধন কৰাৰ প্ৰভাব থাকে।] ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ১৭ ধাৰাৰ দ্বাৰা মূল শীৰ্ষক “প্ৰথম অনুসূচীৰ গ ভাগৰ ৰাজ্য সমূহৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ২। উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা মূল অনুচ্ছেদ ২৩৯ আৰু ২৪০ৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত। ৩। সংবিধান (চতুৰ্দশ সংশোধন) অধিনিয়ম, ১৯৬২ৰ ৪ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ৪। হিমাচল প্ৰদেশ’ শব্দ ১৯৭০ চনৰ:৫৩ নং হিমাচল প্ৰদেশ আঁধিনিয়মৰ ধাৰা ৪৬(খ) ৰ দ্বাৰা লোপ কৰা হৈছে (২৫-১-৭১ তাংৰ পৰা)। ৫| মণিপুৰ, ত্ৰিপুৰা’শব্দসমূহৰ উত্তৰ-পূৰ্বাঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৭১ (খ)ৰ, দ্বাৰা লোপ কৰা হৈছে (২১-১-৭২ তাংৰ পৰা)। ৬। গোৱা, দমন আৰু দিউ পুনৰ্গঠন অধিনিয়ম, ১৯৮৭ (১৯৮৭ৰ ১৮)ৰ ধাৰা ৬৩ৰ দ্বাৰা (৩০- ৫-১৯৮৭ ৰ পৰা) “গোৱা, দমন আৰু দিউ আৰু পণ্ডিচেৰী সংঘ ৰাজ্যক্ষেত্ৰ সমূহৰ কোনোখনৰ বাবে” শব্দ সমূহৰ বাবে প্ৰতিষ্ঠাপিত। ৭। সংবিধান (সপ্তবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ২ৰ দ্বাৰা “গোৱা,দমন, দিউ আৰু পণ্ডিচেৰীৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত (১৫-২৭২ তাংৰ পৰা)। ৮। সংবিধান (সপ্তত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰ ধাৰা ২ৰ দ্বাৰা পণ্ডিচেৰী আৰু মিজোৰামৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। ৯। মিজোৰাম ৰাজ্য অধিনিয়ম; ১৯৮৬ (১৯৮৬ৰ ৩৪)ৰ ধাৰা ৩৯ৰ দ্বাৰা (২০-২-১৯৮৭ পৰা) মিজোৰাম ৰাজ্য লোপ কৰা হৈছে। ১০। অৰুণাচল প্ৰদেশ ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৬৯)ৰ ধাৰা ৪২ৰ দ্বাৰা (২০-২- ১৯৮৭ৰ পৰা) “পণ্ডিচেৰী আৰু অৰুণাচল প্ৰদেশ” শব্দ সমূহৰ বাবে প্ৰতিষ্ঠাপিত।