পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

98 . 7 ভাৰতৰসংবিধান যষ্ঠ ভাগ-বাজা সমূহ-অনুচ্ছেদ ২৩০-২৩৩ [ ২৩০ (১)সংসদে বিধিৰ দ্বাৰা কোনো উচ্চন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ যিকোনোসংঘ ৰাজ্যক্ষেত্ৰলৈ সংঘ ৰাজ্যক্ষেত্ৰ সমূহলৈ বিস্তাৰ কৰিব অথবা কোনো উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ যিকোনো সংঘ ৰাজ্যক্ষেত্ৰৰ পৰা বহিৰ্ভূত উচ্চ ন্যায়ালয় সমূহৰ কৰিব পাৰে। ক্ষেত্ৰাধিকাৰ বিস্তাৰ। (২) যেতিয়ানেকি কোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ে কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰে, তেতিয়া - (ক) এই সংবিধানৰ কোনো কথাই সেই ৰাজ্যৰ বিধান মণ্ডলক সেই ক্ষেত্ৰাধিকাৰ বৰ্দ্ধন, সংকোচন বা বিলোপন কৰিবলৈ ক্ষমতা প্ৰদান কৰা বুলি অৰ্থনকৰিব; আৰু (খ) অনুচ্ছেদ ২২৭ত ৰাজ্যপালৰ প্ৰতি থকা নিৰ্দেশে, সেইৰাজ্যক্ষেত্ৰত অৱস্থিত অধীনস্থ ন্যায়ালয় সমূহৰ বাবে থকা কোনো নিয়মাৱলী, প্ৰপত্ৰ বা তালিকা সমূহৰ সম্বন্ধত ৰাষ্ট্ৰপতিৰ প্ৰতি থকা নিৰ্দেশ বুলি অৰ্থ কৰিব। ২৩১।(১) অধ্যায়ৰ পূবৰ্বৱৰ্ত্তী উপবন্ধ সমূহত যিকোনো কথা থকা সত্ত্বেও সংসদে বিধিৰ দুই বা তাতোধিক দ্বাৰা দুই বা ততোধিক ৰাজ্যৰ বাবে অথবা দুই বা ততোধিক ৰাজ্য আৰু এখন সংঘ ৰাজ্যক্ষেত্ৰৰ ৰাজ্যৰ বাবে এখন বাবে এখন উমৈহতীয়া উচ্চ ন্যায়ালয় স্থাপন কৰিব পাৰে। উমৈহতীয়া উচ্চ (২) এনেকুৱা যিকোনো উচ্চ ন্যায়ালয়ৰ সম্বন্ধত, -~- ন্যায়ালয় স্থাপন। (ক) অনুচ্ছেদ ২১৭ত ৰাজ্যখনৰ ৰাজ্যপালৰ প্ৰতি থকা নিৰ্দেশে যি কেইখন ৰাজ্যৰ সম্বন্ধত উচ্চ ন্যায়ালয়খনে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰে তেনে আটাইকেইখন ৰাজ্যৰ ৰাজ্যপাল সকলৰ প্ৰতি থকা নিৰ্দেশ বুলি অৰ্থ কৰিব; (খ) অনুচ্ছেদ ২২৭ত ৰাজ্যপালৰ প্ৰতি থকা নিৰ্দেশে অধীনস্থ ন্যায়ালয় সমূহৰ বাবে থকা কোনো নিয়মাৱলী, প্ৰপত্ৰ বা তালিকা সমূহৰ সম্বন্ধত যি ৰাজ্যত সেই অধীনস্থ ন্যায়ালয় সমূহ অৱস্থিত সেই ৰাজ্যৰ ৰাজ্যপালৰ প্ৰতি থকা নিৰ্দেশ বুলি অৰ্থ কৰিব; আৰু । . (গ) অনুচ্ছেদ ২১৯ আৰু ২২৯তৰাজ্যৰ প্ৰতি থকা নিৰ্দেশে যি ৰাজ্যত উচ্চ ন্যায়ালয়খনৰ মুখ্য স্থান থাকে সেই ৰাজ্যৰ প্ৰতি থকা নিৰ্দেশ বুলি অৰ্থ কৰিব? পৰন্তু, যদি এনে মুখ্য স্থান কোনো সংঘ ৰাজ্যক্ষেত্ৰত হয়, তেনেহলে অনুচ্ছেদ ২১৯ আৰু ২২৯ত ৰাজ্যপাল, লোক সেৱা আয়োগ, বিধান মণ্ডল আৰু ৰাজ্যৰ সঞ্চিত নিধিৰ প্ৰতি থকা নিৰ্দেশে ক্ৰমে ৰাষ্ট্ৰপতি, সংঘ লোক সেৱা আয়োগ, সংসদ আৰু ভাৰতৰ সঞ্চিত নিধিৰ প্ৰতি থকা নিৰ্দেশ বুলি অৰ্থ কৰিব।] ষষ্ঠ অধ্যায় অধীনস্থন্যায়ালয় সমূহ ২৩৩(১) কোনো ৰাজ্যত জিলান্যায়াধীশ হব লগীয়া ব্যক্তি সকলৰ নিযুক্তি আৰু তেওঁলোকৰ জিলা ন্যায়াধীশ পদস্থাপনা আৰু পদোন্নতি সেই ৰাজ্যৰ সম্বন্ধে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা উচ্চ ন্যায়ালয়ৰ লগত সকলৰ নিযুক্তি। পৰামৰ্শ কৰি ৰাজ্যখনৰ ৰাজ্যপালৰ দ্বাৰা কৰা হব। 3 ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ১৬ ধাৰাৰ দ্বাৰা মূল অনুচ্ছেদ ২৩০,২৩১ আৰু ২৩২ৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত।