পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চ ন্যায়ালয়লৈ কেতবোৰ গোচৰৰ। হস্তান্তৰ। 46 ভাৰতৰ সংবিধান যষ্ঠ ভাগ -বাজ্য সমূহ-অনুচ্ছেদ ২২৮-২২৯ ২২৮। উচ্চ ন্যায়ালয়ৰ যদি এই বুলি ধাৰণা হয় যে ইয়াৰ অধীনত কোনো ন্যায়ালয়ত বিচাৰাধীন হৈ থকা কোনো গোচৰত এই সংবিধানৰ নিবৰ্বচন বিষয়ক এনে কোনো সাৰবান বিধি প্ৰশ্ন জড়িত আছে যাৰ নিৰ্দ্ধাৰণ কৰাটো গোচৰটোৰ নিষ্পত্তিৰ কাৰণে আৱশ্যক হয়, তেনেহলে উচ্চ ন্যায়ালয়ে সেই গোচৰটো নিজৰ হাতলৈ আনিব আৰু [

  • ]

(ক) হয় নিজে গোচৰটো নিষ্পত্তি কৰিব পাৰে অথবা (খ) উক্ত বিধি প্ৰশ্ন নিদ্ধাৰণ কৰিব পাৰে আৰু তেনেকুৱা প্ৰশ্নৰ ওপৰত দিয়া নিজৰ নিৰ্ণয়ৰ এটা প্ৰতিলিপি সহ সেই গোচৰটো যি ন্যায়ালয়ৰ পৰা সেইদৰে উঠাই। আনিছিল সেইন্যায়ালয়লৈ ওভোতাই দিব পাৰে আৰু উক্ত ন্যায়ালয়ে সেই গোচৰটো পোৱা পিচত তেনেকুৱা নিৰ্ণয়ৰ অনুসৰণক্ৰমে গোচৰটো নিষ্পত্তিৰ বাবে আগবাঢ়িব পাৰে। ২২৮ ক। ৰাজ্যিক বিধিৰ সাংবিধানিক বিধিমান্যতা সম্পৰ্কীয় প্ৰশ্নৰ নিষ্পত্তিৰ বিষয়ে বিশেষ উপবন্ধসমূহ-সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ দ্বাৰা আন্তঃস্থাপিত আৰু সংবিধান (ত্ৰিচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ৰ ধাৰা ১০ৰ দ্বাৰা নিৰসিত (১৩-৪-৭৮ তাংৰ পৰা)। উচ্চ ন্যায়ালয়ৰ পদাধিকাৰী আৰু সে সমূহ আৰুব্যয় সমূহ। ২২৯। (১) উচ্চ ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সমূহৰ নিযুক্তি সেই ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি অথবা তেওঁৰ দ্বাৰা যথা নিৰ্দেশিত সেইন্যায়ালয়ৰ আন কোনো ন্যায়াধীশ বা পদাধিকাৰীৰ দ্বাৰা কৰা হব ঃ পৰস্তু, [ * } সেই ৰাজ্যৰ ৰাজ্যপালে নিয়মৰ দ্বাৰা এইটো অপেক্ষিত কৰিব পাৰে যে নিয়মত যথা বিনিৰ্দিষ্ট অস্থা সমূহত আগতে ৰাজ্যিক লোক সেৱা আয়োগৰ লগত পৰামৰ্শ নকৰাকৈ ইতিমধ্যে ন্যায়ালয়ৰ লগত জড়িত নথকা কোনো ব্যক্তিক ন্যায়ালয় সম্বন্ধীয় কোনো পদত নিযুক্ত নকৰিব। (২) ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে কোনো এখন উচ্চ ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলৰ সেৱাৰ চৰ্তাৱলী সেই ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা প্ৰস্তুত অথবা মুখ্য ন্যায়াধিপতিয়ে সেই প্ৰয়োজনৰ কাৰণে নিয়মাৱলী প্ৰস্তুত কৰিবলৈ প্ৰাধিকৃত কৰা সেই ন্যায়ালয়ৰ আন কোনো ন্যায়াধীশ বা পদাধিকাৰীৰ দ্বাৰা প্ৰস্তুত নিয়মাৱলীৰ দ্বাৰা বিহিত কৰাৰ দৰে হব ঃ

ৰন্তু, এই খণ্ডৰ অধীনত বেতন, ভাত্ত, ছুটী বা অৱসৰ বেতন সম্বন্ধে প্ৰস্তুত কৰা নিয়ম সমূহৰ বাবে ২ [ ] সেই ৰাজ্যৰ ৰাজ্যপালৰ অনুমোদনৰ আৱশ্যক হব। (৩) ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলক বা তেওঁলোকৰ সম্বন্ধত দিবলগীয়া সকলে। দৰমহা, ভাত্তা আৰু অৱসৰ বৈতন সমূহক অন্তৰ্গত কৰি কোনো উচ্চ ন্যায়ালয়ৰ প্ৰশাসনীয় ব্যয় সমূহ ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত হব, আৰু সেই ন্যায়ালয়ৰ দ্বাৰা গ্ৰহণ কৰা যিকোনো ফিজু বা অন্যান্য ধন সেই নিধিৰ অংশ হব। ১। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ দ্বাৰা ‘অনুচ্ছেদ ১৩১কৰ উপবন্ধ সমূহৰ সাপেক্ষে এই কথাখিনি যোগ দিয়া হৈছিল কিন্তু সংবিধান (ত্ৰিচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ৰ ধাৰা ৯ৰ দ্বাৰা সেইখিনি লোগ কৰা হৈছে (১৩-৪-৭৮ তাংৰ পৰা)। ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা যতনেকি উচ্চ ন্যায়ালয়ৰ মুখ্য স্থান থাকে এই শব্দ সমূহ লোপ কৰা হৈছে।