পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৭৭ ষষ্ঠ ভাগ -ৰাজ্য সমূহ-অনুচ্ছেদ ২২৫-২২৭ (খ) তেনে পক্ষক শুনানীৰ সুযোগ নিদিয়াকৈ, দিয়া হয়; তেতিয়া যদি তেনে পক্ষই সেই আদেশ বাতিল কৰণৰবাবে উচন্যায়ালয়লৈ আবেদন কৰে আৰু যি পক্ষৰ অনুকূলে তেনে আদেশ দিয়া হৈছিল সেই পক্ষক বা সেই পক্ষৰ বিধি উপদেষ্টাক তেনে আবেদন প্ৰতিলিপি দিয়ে তেনেহলে উচ্চ ন্যায়ালয়ে তেনে আবেদন প্ৰাপ্ত কৰা তাৰিখৰ অথবা তেনে আবেদন প্ৰতিলিপি দিয়া তাৰিখৰ যিটোৱেই পৰৱৰ্তী হয়, তাৰ পৰা দুসপ্তাহ কালৰ ভিতৰত অথবা যি ক্ষেত্ৰত তেনে কালাৱধিৰ শেষৰ দিনা উচ্চ ন্যায়ালয় বন্ধ থাকে তেনে ক্ষেত্ৰত যি দিনাই ন্যায়ালয় খোলা হয় সেই দিনটোৰ অৱসানৰ পূৰ্ব্বে সেই আবেদন নিষ্পত্তি কৰিব; আৰু যদি আবেদনখন সেইদৰে নিষ্পত্তি কৰা নহয় তেনেহলে সেই কালাৱধিৰ অৱসানৰ লগে লগে অথবা যথাস্থিতি উপৰোক্ত পৰৱৰ্তী দিনৰ অৱসানৰ লগে লগে অন্তঃকালীন আদেশ বাতিল AM (৪) এই অনুচ্ছেদৰ দ্বাৰা উচ্চ ন্যায়ালয়ৰ ওপৰত প্ৰদত্ত ক্ষমতাৰ দ্বাৰা অনুচ্ছেদ ৩২ ৰ খণ্ড (২) দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ওপৰত প্ৰদত্ত ক্ষমতাৰ অল্পীকৰণ নহব।] [ ২২৬ অনুচ্ছেদ ২২৬ৰ অধীনত অনুষ্ঠিত কাৰ্য্যবাহীত কেন্দ্ৰীয় বিধিৰ সাংবিধানিক বিধিমান্যতা বিবেচনা কৰা নহব- সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৩৯ৰ দ্বাৰা অন্তঃস্থাপিত আৰু সংবিধান (ত্ৰিচত্বাৰিংশ সংশোধন অধিনিয়ম, ১৯৭৭ৰ ধাৰা ৮ ৰ দ্বাৰা নিৰসিত (১৩-৪-৭৮ তাংৰ পৰা)।] ২২৭। [(১) প্ৰত্যেক উচ্চ ন্যায়ালয়ে যি ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰে তাৰ সকলোন্যায়ালয়ৰ ওপৰত সৰ্ব্বত্ৰ সকলো ন্যায়ালয় আৰু ন্যায়াধিকৰণ অধীক্ষণ কৰিব।] উচ্চ ন্যায়ালয়ৰ অধীক্ষণৰ (২) ওপৰৰ উপবন্ধৰ ব্যাপকতাৰ ওপৰত প্ৰতিকূল প্ৰভাৱ নপৰাকৈ উচ্চ ন্যায়ালয়ে ক্ষমতা। (ক) তেনেকুৱা ন্যাযালয় সমূহৰ পৰা প্ৰবিৱৰণ খুজি পঠাব পাৰে; (খ) তেনেকুৱা ন্যায়ালয় সমূহৰ কাৰ্য্যপ্ৰণালী আৰু কাৰ্য্যবাহী বিনিয়মনৰ কাৰণে সাধাৰণ নিয়মাৱলী প্ৰস্তুত আৰু জাৰি কৰিব পাৰে আৰু প্ৰপত্ৰ বিহিত কৰিব পাৰে; আৰু - (গ) তেনেকুৱা ন্যায়ালয় সমূহৰ যিকোনোটোৰ পদাধিকাৰী সকলে ৰাখিব লগীয়া পুস্তক, প্ৰবিষ্টি আৰু হিচাপ সমূহৰ প্ৰপত্ৰ বিহিত কৰিব পাৰে। (৩) উচ্চ ন্যায়ালয়ে তেনেকুৱা ন্যায়ালয়ৰ শেৰিফ আৰু সকলো লিপিক আৰু পদাধিকাৰী। সকলক আৰু তাত বিধিবৃত্তি কৰা ন্যায়বাদী, অধিবক্তা আৰু উকীল সকলক দিবলগীয়া ফিজৰ তালিকা স্থিৰ কৰিব পাৰে? পৰস্তু, খণ্ড (২) বা খণ্ড (৩) ৰ অধীনত প্ৰস্তুত কৰা কোনো নিয়মাৱলী অথবা নিৰ্দিষ্ট কোনো প্ৰপত্ৰ বা স্থিৰীকৃত কোনো তালিকা তত্ সময় বলবৃত থকা কোনো বিধিৰ উপবন্ধৰ লগত অসংগত হব নোৱাৰিব আৰু ইয়াৰ কাৰণে ৰাজ্যপালৰ পূৰ্ব অনুমোদনৰ আৱশ্যক হব। (৪) এই অনুচ্ছেদৰ কোনো কথাই উচ্চ ন্যায়ালয়ক সশস্ত্ৰ বাহিনী সম্বন্ধীয় বিধিৰ দ্বাৰা বা। অধীনত গঠিত কোনো ন্যায়ালয় বা ন্যায়াধিকৰণ অধীক্ষণৰ ক্ষমতা অৰ্পণ কৰা বুলি গণ্য নহব। ২ [ [ ১। এই খণ্ডটো ক্ৰমান্বয়ে সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ আৰু সংবিধান চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰদ্বাৰা সংশোধিত হৈবৰ্তমান ৰূপত আছে(২০-৬-৭৯ তাংৰ পৰা)। ২। খণ্ড (৫) সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ দ্বাৰা অন্তঃ স্থাপিত কৰা হৈছিল, কিন্তু সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩১ৰ দ্বাৰা নিৰসিত কৰা হয় (২০-৬-৭৯ তাংৰ পৰা)। ক