পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যমান উচ্চ ন্যায়ালয় সমূহৰ ক্ষেত্ৰাধিকাৰ। ভাৰতৰ সংবিধান যষ্ঠ ভাগ-বাজা সমূহ-অনুচ্ছেদ ২২৪ ক -২২৬ পৰন্তু, উপৰোক্ত তেনে কোনো ব্যক্তিয়ে তেনে কৰিবলৈ সন্মত নহলে, এই অনুচ্ছেদৰ কোনো কথাই তেওঁক সেই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে বহিবলৈ আৰু কাৰ্য্য কৰিবলৈ বাধ্য কৰোৱা বুলি নুবুজাব। ] ২২৫। এই সংবিধানৰ উপবন্ধ সমূহ আৰু এই সংবিধানৰ দ্বাৰা বিধান মণ্ডলক প্ৰদত্ত ক্ষমতাৰ আধাৰত সমূচিত বিধান মণ্ডলৰ দ্বাৰা প্ৰস্তুত কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে কোনো বিদ্যমান উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আৰু তাত প্ৰশাসিত বিধি আৰু ন্যায়ালয়ৰ নিয়মাৱলী প্ৰস্তুত কৰা কোনো ক্ষমতা আৰু সেই ন্যায়ালয়ৰ বৈঠক বোৰ আৰু অকলে বা খণ্ড ন্যায়ালয়ত বহা তাৰ সদস্য সকলৰ বৈঠকবোৰ বিনিয়মন কৰাৰ যিকোনো ক্ষমতাক অন্তৰ্গত কৰি সেই ন্যায়ালয়ত কৰা ন্যায় প্ৰশাসন সম্পৰ্কে সেই ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ নিজ নিজ ক্ষমতা এই সংবিধানৰ অব্যৱহিত পূৰ্বৰ দৰে একে হব? 1 কেতবোৰ লেখ জাৰি কৰিবলৈ উচ্চ ন্যায়ালয় সমূহৰক্ষমতা। [ পৰন্তু, ৰাজস্ব সম্পৰ্কীয় বা ৰাজস্ব সংগ্ৰহ কৰোতে আদেশিত বা কৃত হোৱা কোনো কাৰ্য্য সম্পৰ্কীয় কোনো বিষয়ত উচ্চ ন্যায়ালয় সমূহৰ যিকোনো খনৰ প্ৰাৰম্ভিক ক্ষেত্ৰাধিকাৰ প্ৰয়োগ এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে যি নিবন্ধনৰ অধীনত আছিল সেই নিবন্ধনৰ কোনোটোৱেই এনেকুৱা ক্ষেত্ৰাধিকাৰ প্ৰয়োগত আৰু প্ৰযোজ্য নহব।] ২ [২২৬।(১) অনুচ্ছেদ ৩২ত যিকোনো কথা থকা স্বত্ত্বেও প্ৰত্যেক উচ্চন্যায়ালয়ে যি ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত নিজ ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰে সেই ৰাজ্যক্ষেত্ৰৰ সৰ্বত্ৰ তৃতীয় ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰ সমূহৰ যিকোনোটো বলবত্ কৰাৰ কাৰণে আৰু অন্য যিকোনো প্ৰয়োজনৰ কাৰণে সেই ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনো ব্যক্তি বা প্ৰাধিকাৰীলৈ বা সমুচিত ক্ষেত্ৰত কোনো চৰকাৰৰ প্ৰতি নিৰ্দেশ, আদেশ অথবা বন্দী প্ৰত্যক্ষীকৰণ, পদেশ, প্ৰতিষেধ, অধিকাৰ-পৃচ্ছা আৰু উতুপ্ৰেষণ লেখৰ প্ৰকৃতিৰ লেখ অন্তৰ্গত কৰি লেখ সমূহ অথবা তাৰ যিকোনোটো জাৰি কৰিব পৰা ক্ষমতা থাকিব। (২) কোনো চৰকাৰৰ, প্ৰাধিকাৰী বা ব্যক্তিৰ প্ৰতি নিৰ্দেশ, আদেশ বা লেখ জাৰি কৰিবলৈ খণ্ড (১) ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা, এনে ক্ষমতা প্ৰয়োগ কৰিবৰ বাবে হোৱা বাদহেতুক পূৰ্ণতঃ বা অংশতঃ যি ৰাজ্যক্ষেত্ৰৰ ভিতৰত উদ্ভৱ হয় তেনে ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা যিকোনো উচ্চ ন্যায়ালয়ৰ দ্বাৰাও প্ৰয়োগ কৰিব পাৰিব লাগিলে এনে চৰকাৰ বা প্ৰাধিকাৰীৰ স্থান বা এনে ব্যক্তিৰ বাসস্থান সেই ৰাজ্যক্ষেত্ৰৰ ভিতৰত নহওকেই। (৩) যেতিয়া খণ্ড (১) ৰ অধীনত কৰা আবেদনৰ ওপৰত বা তেনে আবেদন সম্পৰ্কীয় কোনো কাৰ্য্যবাহীত কোনো পক্ষৰ বিৰুদ্ধে নিষেধাজ্ঞা হিচাপেই হওক বা স্থগিতকৰণ হিচাপেই হওক বা আন কোনো ধৰণেই হওঁক কোনো অন্তঃকালীন আদেশ;-- (ক) তেনে পক্ষক তেনে আবেদনৰ আৰু অন্তঃকালীন আদেশৰ যুক্তিৰ সমৰ্থনত দিয়া নথি-পত্ৰৰ প্ৰতিলিপিসমূহ নিদিয়াকৈ আৰু ১। মূল পৰস্তুক সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৩৭ৰ দ্বাৰা লোপ কৰা হৈছিল, কিন্তু সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২৯ ৰ দ্বাৰা অন্তঃ স্থাপিত কৰা হ'ল (২০-৬-৭৯ তাংৰ পৰা। ২ অনুচ্ছেদ ২২৬ সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩, সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬, সংবিধান (ত্ৰিচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ তথা সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ দ্বাৰা সংশোধিত হৈ বৰ্তমান ৰূপত আছে (১-৮- ৭৯ তাং ৰ পৰা)।