পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. 96 ভাৰতৰ সংবিধান ষষ্ঠ ভাগ-বাজ্য সমূহ-অনুচ্ছেদ ২২২-২২৪ ক ২২২।(১) ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ সৈতে পৰামৰ্শ কৰি কোনো ন্যায়াধীশক কোনো ন্যায়াধীশক [*

] এখন উচ্চন্যায়ালয়ৰ পৰা আন যিকোনো উচ্চন্যায়ালয়লৈ স্থানান্তৰ এখন উচ্চ ন্যায়ালয়ব

কৰিব পাৰে। পৰা আন এখনলৈ ২ [ (২) যেতিয়া কোনো এজন ন্যায়াধীশক এনেদৰে স্থানান্তৰ কৰা হয় বা কৰা হৈ যায় তেতিয়া স্থানান্তৰণ। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ প্ৰাৰম্ভণিৰ পিচত তেওঁ অনিখন উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰূপে সেৱা কৰা কালাৱধিত তেওঁৰ বেৰ্তনৰ উপৰিও এনে ক্ষতিপূৰণাত্মক ভাত্তা যিটোনেকি সংসদে বিধিৰ দ্বাৰা নিৰ্ধাৰিত কৰি দিয়ে আৰু এনেদৰে নিদ্ধাৰিত নোহোৱা পৰ্য্যন্ত এনে ক্ষতিপূৰণাত্মক ভাত্তা যিটোনেকি ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা নিয়ত কৰে, তাক পাবলৈ হাৰ হব।] ২২৩৷ যেতিয়া কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰ পদ খালি হয় বা যেতিয়া তেনেকুৱা কাৰ্যকাবী মুখ্য কোনো মুখ্য ন্যায়াধিপতিয়ে অনুপস্থিতি বা অন্য কোনো কাৰণত তেওঁৰ পদৰ কৰ্ত্তব্য সমূহ পালন ন্যায়াধিপতিৰ নিযুক্তি। কৰিবলৈ অসমৰ্থ হয়, তেতিয়া সেই পদৰ কৰ্তব্য সমূহ সেই ন্যায়ালয়ৰ আন ন্যায়াধীশ সকলৰ মাজৰ এনে এজন ন্যায়াধীশৰ দ্বাৰা পালন কৰা হব যাকনেকি ৰাষ্ট্ৰপতিয়ে সেই প্ৰয়োজনৰ বাবে নিযুক্তি দিয়ে। ” [ ২২৪।(১) যদি কোনো উচ্চ ন্যায়ালয়ৰ কাৰ্য্যৰ কোনো অস্থায়ী ভাবে হোৱা বৃদ্ধিৰ কাৰণে অতিৰিক্ত আৰু বা তাত কামৰ বাকী পৰি থকাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে দেখে যে সেই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্য্যকাৰী ন্যায়াধীশৰ সংখ্যা তত সময়ৰ বাবে বৃদ্ধি কৰা উচিত, তেনেহলে ৰাষ্ট্ৰপতিয়ে যথাৰীতি অহৰ্তাসম্পন্ন ব্যক্তিক নিযুক্তি। দুবছৰৰ অনধিক এনে কালাৱধিৰ বাবে যিটো নেকি তেওঁ বিনিৰ্দিষ্ট কৰি দিয়ে, সেই ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হবলৈ নিযুক্ত কৰিব পাৰে। (২) যেতিয়া কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰ বাহিৰে আন কোনো ন্যায়াধীশে অনুপস্থিতিৰ কাৰণে বা আন কোনো কাৰণ বশতঃ তেওঁৰ পদৰ কৰ্তব্য সমূহ পালন কৰিবলৈ অসমৰ্থ হয় অথবা মুখ্য ন্যায়াধিপতি ৰূপেঅস্থায়ীভাবে কাৰ্য্য কৰিবলৈ তেওঁ নিযুক্ত হয়, তেতিয়া ৰাষ্ট্ৰপতিয়ে যথাৰীতি অৰ্হতা সম্পন্ন কোনো ব্যক্তিক স্থায়ী ন্যায়াধীশজনে তেওঁৰ কৰ্তব্য' পুনৰ গ্ৰহণ নকৰা পৰ্য্যন্ত সেই ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে কাৰ্য্য কৰিবলৈ নিযুক্ত কৰিব পাৰে। (৩) কোনো উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত বা কাৰ্যকৰীন্যায়াধীশৰূপে নিযুক্ত কোনো ব্যক্তিয়ে { বাযষ্টি বছৰ বয়স প্ৰাপ্ত হোৱাৰ পিচত পদ ধাৰণ নকৰিব।]

  • [ ২২৪ ক। এই অধ্যায়ত যিকোনো কথা থকা সত্ত্বেও যিকোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য উচ্চ ন্যায়ালয়ৰ

ন্যায়াধিপতিয়ে যিকোনো সময়তে ৰাষ্ট্ৰপতিৰ পূৰ্ব সম্মতিক্ৰমে সেই উচ্চ ন্যায়ালয়ৰবা আন কোনো বৈঠকত অবসৰ প্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদ ধাৰণ কৰি অহা যিকোনো ব্যক্তিক সেই ৰাজ্যৰ,উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি। ন্যায়াধীশ ৰূপে বহিবলৈ আৰু কাৰ্য্য কৰিবলৈ অনুৰোধ কৰিব পাৰিব, আৰু এনেকৈ অনুৰোধ কৰা তেনে প্ৰত্যেক ব্যক্তিয়েই তেনেকৈ বহা আৰু কাৰ্য্যকৰ কালত এনে ভাত্তাৰ হাৰ হব যিটোনেকি ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা নিদ্ধাৰিত কৰে, আৰু সেই উচ্চন্যায়ালয়ৰন্যায়াধীশৰ সকলো ক্ষেত্ৰাধিকাৰ, ক্ষমতা আৰু বিশেষাধিকাৰ লাভ কৰিব, কিন্তু অন্যাথা তেওঁ সেই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বুলি গণ্য নহবঃ ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ১৪ ধাৰাৰ দ্বাৰা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত’ শব্দখিনি লোপ কৰা হৈছে। ২। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ৫ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। মূল খণ্ড (২) সংবিধান (সপ্তম সংশোধন) অধিনিয়ম ১৯৫৬ ব’১৪ ধাৰাৰ দ্বাৰা লোপ কৰা হৈছিল। ৩। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ১৫ ধাৰাৰ দ্বাৰা মূল অনুচ্ছেদ ২২৪ ৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। • ৪। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ৬ ধাৰাৰ দ্বাৰা যাঠি বছৰৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। ৫। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ৭ ধাৰাৰ দ্বাৰা আন্তঃস্থাপিত।