পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোক দেখি তেওঁ বিশেষকৈ আচৰিত হ'ল। তাতোকৈ তেওঁ আশঙ্কিত হোৱা যেন হে পালোঁ। আমি জোমাজুমি কৰি আছোঁ, এনেতে তেওঁ আতুৰভাৱে মাত দিলে, "অহ, ভানু, তুমি কিয় আহিলাঁ।" গোহাঞিদেৱৰ মাত শুনি আন্ধাৰলৈকে জাঁপ দিলোঁ। ক'তো একোতে ধৰিবলৈ নাপাই, পকী বেৰত খুন্দা খাই মই উফৰি পৰিলোঁ। গোহাঞিদেৱে "দেহিহৈ, কি সৰ্বনাশ হল" বুলি ততালিকে মোক দাঙি ধৰিলেহি। আৰু, কাঞ্চন সখীয়ে লৰালৰিকৈ খিৰিকী-দুৱাৰখন মেলি দিয়াত ভিতৰলৈ পোহৰ পৰিল। মই গোহাঞিদেৱৰ কোলাত! তৰা আইদেউ আৰু কাঞ্চন সখী দুৱাৰমুখতে ৰল। মই খন্তেকৈ মোৰ প্ৰাণেশ্বৰৰ কোলাত জিৰণি ললোঁ! খুন্দাত বৰ দুখ পাইছিলোঁ, মূৰ জিন্‌জিনাবলৈ ধৰিলে! কিন্তু, সখীহঁতে চাপিবলৈ বেয়া পাইছে জানি, মই বগুৱা বাই গোহাঞিদেৱৰ কোলাৰপৰা নামি মাটিত বহিলোঁহী। সখীহঁত সোমাই গ'ল। পিচে, কাঞ্চন সখীয়ে কলে যে, কোঠাৰপৰা ওলাই আহিলেহে কথা পাতিবলৈ চল লাগিব। তেওঁৰ কথা শুনি গোহাঞিদেৱে উত্তৰ দিলে, "বাৰু, তোমালোক ওলাই বহাঁ আৰু কিয় আহিছিলাঁ কোৱাঁ। মই বন্দী। ৰখীয়াৰ বিনা-অনুমতিৰে এই কোঠাৰ দুৱাৰদলি পাৰ নহওঁ।" কাঞ্চন সখী অবাক্‌! তৰা আইদেৱে মাত লগালে, "তেনেহলেতো আমি অহাই মিছা হ'ল। অতনা যতন এনেই গ'ল!"

 গোহাঞিদেৱ।--কিয়?
 কাঞ্চন।--কিয়, জানিবই লাগেচোন।
 তৰা।--আমি আপোনাৰ ইয়াৰপৰা উদ্ধাৰ কৰি নিবলৈহে আহিছোঁ।
 গোহাঞিদেৱ।--ৰাজ-অনুমতি পাইছাঁ জানো?
 মই।--হয়, পাইছে। ৰজাৰ অনুমতি লৈহে আইদেউ সখী ইয়ালৈ আহিছে।