পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই ভাবি এখুজি-দুখুজিকৈ গৈ আছোঁ, এনেতে দেখিলোঁ সিফালৰপৰা কাঞ্চন সখীৰে সৈতে তৰা আইদেউ আহিব লাগিছে।

আগে-পিচে দুটা লগুৱাৰে সৈতে তৰা আইদেউ আগত, মই মাজত আৰু কাঞ্চন সখী পিচত হৈ তিনিও যাবলৈ ধৰিলোঁ। বন্দীশালৰ দুৱাৰমুখ পাই, পোনেই চাওদাং বৰুৱাৰ খবৰ লোৱা হ'ল। বৰুৱা আঁতৰত আছিল। প্ৰহৰীয়ে কাঞ্চন সখীৰ হাতৰপৰা ৰজাৰ অনুমতি-পত্ৰ নি তেওঁক সেই ঠাইতে দিলেগৈ। আমি নিলগৰপৰা শুনিলোঁ, তেওঁ প্ৰহৰীক আদেশ দিছে, "ৰজাৰ ভনীয়েক তৰা আইদেউ বন্দীশাল চাবলৈ আহিছে। দুৱৰীক কৈ দেগৈ দুৱাৰ এৰি দিয়ক।" প্ৰহৰীয়ে কোৱা মতে দুৱৰীয়ে বাট এৰি দিলে। আমি তিনিও ভিতৰ সোমালোঁ। আমাৰ লগতে এটা প্ৰহৰীও সোমাবলৈ ওলাইছিল; কাঞ্চন সখীয়ে তাক মানা কৰি দি কলে, "আইদেউৰ আজ্ঞা, লগত কোনো আহিব নালাগে।" লগুৱা দুটাও বাজতে ৰল। আমি এটা এটাকৈ বন্দী-কোঠাবোৰ চাই গৈছোঁ। কোনোটোত দুটীয়া, কোনোটোত তিনটীয়া আৰু কোনোটোত চাইটীয়াকৈও বন্দী আটক হৈ আছে। কোনোৱে মূৰে-কপালে হাত দি গুণিছে, কোনোৱে চকু-লো টুকিছে, কোনোৱে ভাগ্যক দোষ দি কপালত ভুকুৱাইছে, কোনোৱে নিৰৱে ঈশ্বৰক চিন্তা কৰিছে। সেইবিলাকৰ মাজত আমি ক'তো গোহাঞিদেৱক দেখা নাপালোঁ। আৰু কেইবাটাও কোঠা জুমি জুমি চালোঁ, গোহাঞিদেৱ নাই! আমি চাবলৈ আৰু তিনিটা কোঠা হে আছে গৈ। গোহাঞিদেৱ নাই! আমাৰ মুখ শুকাই আহিল। তিনিও আশঙ্কাত চোৱা-চুই কৰিলোঁ। তিনিও তিনিৰ মনোভাব বুজিলোঁ। আকৌ চালোঁ। নাই! আৰু এটা কোঠা মাথোন আছেগৈ। ভয়ে ভয়ে সেইটোৰো দুৱাৰ মেলা হ'ল। খোঁটালীটো ঘোপ্‌মৰা আন্ধাৰ। আমি পোহৰৰপৰা ভিতৰলৈ একো দেখা নাই। কিন্তু, আন্ধাৰৰপৰা গোহাঞিদেৱে আমাক দেখিলে। দেখি, তেওঁ তিনিওকো চিনিলে।