পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আমাৰ ঘৰত নোসোমায়। কিন্তু হাঁয়, "যাওঁ যদি!" মোৰ প্ৰাণৰ প্ৰাণ, হৃদয়ৰ স্বামী গোহাঞিদেৱক বিপদত চাবলৈ আকৌ "যাওঁ যদি!" চিঠি পাবৰপৰা মোৰ মন উত্ৰাৱল হবলৈ ধৰিলে। কেতিয়া সন্ধিয়া হব, কেতিয়াকৈ তৰা আইদেউ সখীহঁত ওলাবহি, ইয়াকেহে চিন্তিব লাগিছোঁ। এনে দিন বৰ দীঘল! ৰাতিপুৱাৰপৰা সন্ধিয়ালৈকে! ইমান নাযায়-নুপুৱায় দিনটো মই কেনেকৈ পাৰ কৰোঁ! এনে ভাবি চাটিফুটিকৈ আছোঁ, এনেতে দেউতা অতি বিমৰ্ষভাৱে দুপৰীয়া ঘৰ ওলাইছেহি। এই কেইদিন দেউতাৰ মুখলৈ চাব নোৱাৰি, তেওঁৰ বিমৰ্ষভাব দেখিলে মোৰ হিয়া ফাটি যায় যেন লাগে। অধৰমী ৰজাই যিমান পাৰে দেউতাক বেজাৰ দিবলৈ ছেগ চাই ফুৰে। সেইদিনাও এনাজগৰত নানা ককৰ্থনা কৰি তেওঁক বেজাৰ দি পঠিয়াইছিল। দেউতা ভিতৰ সোমালত মই নিজৰ সকলো দুখ-বেজাৰ খন্তেকলৈ পাহৰি তেওঁৰ শুশ্ৰূষাত ধৰিলোঁ।

চাওঁতে চাওঁতে আমনিলগা দীঘল দিনটো চাপ খাই আহিল। সন্ধিয়াই দেখা দিলেহি। পছিমফালে ভাগৰুৱা বেলি জিৰণিৰ পাটীত পৰিল। তাৰপৰা নিশ্বাসি পঠিওৱা ভাগৰৰ ৰঙা ৰহনে দশোদিশ ব্যাপি পেলালে। সেই ভাগৰতে মোৰ উৎসাহে ভৰ দি উঠিল। উগুল-থুগুলভাৱে তৰা আইদেউলৈ বাট চালোঁ। কিমান বাৰ ওলাই ওলাই চাইছোঁ! পদূলিমূৰলৈকে একোবাৰ আগবাঢ়ি চাই আহোঁগৈ। নাই, তৰা আইদেউ ওলোৱাহি নাই। মনত নানা ভাৱে উগুল-থূগুল লগাবলৈ ধৰিলে। ভাবিবৰো সময় নাই। আকৌ বাটলৈ ওলাই চাবলৈ ধৰিলোঁ। তথাপি তৰা আইদেউ নাই! কেতিয়াকৈ নো ওলাবহি, ইমান পৰ নো কি কৰিছে, এনে ভাবে মনত বিৰক্তি-বিষ তুলিছে। দিনটো বাট চাই যিমান আমনি পোৱা নাছিলোঁ, সেই খন্তেক বাটলৈ চাই তাতকৈ হেজাৰ গুণে অধিক আমনি লাগিল। নাই, সিমানতো অহা নাই! মনত নানা আশঙ্কা উঠিবলৈ ধৰিলে। একোবাৰ ভাবিলোঁ, ময়ে আগবাঢ়ি যাম নেকি?