পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কান্দোঁ৷ কন্দাত বাজে আমাৰ আলোচনাৰ আন গুটি ধৰা নাই৷ পিচে, এদিন সেইদৰে দুয়ো বহি আলচ পাতি আছোঁ, এনেতে কাঞ্চন সখী ওলালহি৷ ইবাৰ আগেয়ে মোৰপৰা তেওঁ এই কথাৰ ভাগ পোৱা নাছিল৷ সেই কাৰণে, মই আমাৰ আচলৰ কথা টিপতে তল পেলাবলৈ চাইছিলোঁ৷ কিন্তু, তৰা আইদেউ সখীয়ে বোলে তেওঁৰে সৈতে এই বিষয়ৰ আলচ পাতিছিল৷ সেই কাৰণে সেইদিনাপৰা তিনিও একেলগে এই বিষয়ে আলচ পাতিবলৈ ধৰিলোঁ৷ এইদৰেই আৰু কেইবাদিনো গ’ল৷ এদিন কাঞ্চন সখীয়ে কথা-বাৰ্ত্তাৰ মাজে এইবুলি মাত লগাই উঠিলে, “তিনটা উধানৰ মূৰত চাউলকঠা সিজে৷ আমি তিনিমূৰ পাতি আমাৰ আলচকঠা সিজাব নোৱাৰিম নে?" এইবুলি তেওঁ খন্তেক চিন্তা কৰিলে৷ তাৰ পাচত, তৰা আইদেউলৈ চাই তেওঁ কলে, “সখীয়ে এদিন বন্দীশাল চাবলৈ যাবাঁ বুলি অলপতে ৰজা ককাইদেৱাৰাত জনাইছিলাঁ নহয়? তেওঁ 'বাৰু’ বুলিছিল বুলি দেখোন তুমি এদিন কোৱা মনত পৰে৷" তৰা আইদেৱে সুঁৱৰি চাই কলে, “সঁচা, ককাইদেৱে কেতিয়াবাই মোক বন্দীশাল চাবলৈ অনুমতি দিয়া আছে৷" এই কথাত কাঞ্চনে আনন্দ প্ৰকাশ কৰি কলে, “তেনেহলে আৰু কি চিন্তা আছে৷ ৰজাৰ অনুমতি আছে যেতিয়া, আমাক কোনে পায়৷ বন্দীশালত সোমাই লবগৈ পাৰিলে এটা উপায় হব৷ সখী এতিয়া ঘৰলৈ যোৱাঁহি৷ কাইলৈ এটা কৰিব লাগে৷" কাঞ্চনৰ কথাত আশ্বাস পাই তিনিওৰো মুখত অলপ আনন্দ বিৰিঙ্গিল৷

আশ্বাসতে প্ৰাণ ধৰি সেই দিনটো কটালোঁ৷ পিচিদিনা পুৱাতে তৰা আইদেউ সখীৰপৰা এখন গোপনীয় চিঠি পালোঁ৷ চিঠি পঢ়ি আনন্দ লাগিল৷ সেইদিনাই সন্ধিয়াকৈ কাঞ্চন সখীৰে সৈতে তেওঁ বন্দীশাললৈ ওলাই আহিব৷ আমাৰ ঘৰৰ আগেদিয়েই যাবহি৷ যাওঁ যদি, ময়ো সিবিলাকক বাটতে লগ ধৰিব লাগিব৷ তেওঁবিলাক