পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹

গঢ় আৰু ছপা শুৱনি হৈছে। বৰ্ণাশুদ্ধি ভুল আজিকালি ছপোৱা কিতাপত পাচীয়ে পাচীয়ে দেখা যায়। এইটো বৰ সুখৰ কথা যে আপোনাৰ কিতাপত সেইটো কুগ্ৰহ নাই বুলিলেই হয়।

 “ৰঞ্জনে” পাঠক পাঠিকাৰ মনোৰঞ্জন কৰিবই; তাৰ উপৰি, আৰু এটা ডাঙৰ কাম কৰিব, যথা—ভণ্ড অপদাৰ্থৰ পিঠিত সৌকা মেলি, তাৰ আৰু দৰ্শকৰ চকু মোকালাই দিব। মোৰ শ্ৰদ্ধা আৰু সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। ইতি

সম্বলপুৰ
৭|৫|২৭

আপোনাৰ
শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।

৺হেমচন্দ্ৰ গোস্বামী ⵓ—

 কিতাপখন হাতত পৰা মাত্ৰকে সকলো কাম কাতি কৰি থৈ, আগৰ পৰা গুৰিলৈকে পঢ়িলোঁ। যদিবাও বহুত কবিতা আগৰ পঢ়া আছিল, তথাপি সেইবোৰ পঢ়িও নতুন আনন্দ পালোঁ। ন-কৈ ওলোৱা কবিতাখিনি পঢ়ি তাতোকৈ বেচি আনন্দ পালোঁ। মুঠতে ক’বলৈ গ’লে, আমাৰ ভাষাত এনে সৰব্‌ৰহী আৰু ধেমেলীয়া কবিতা বহুত দিন পঢ়া নাছিলোঁ। তোমাৰ কবিতাৰ ভাষা যেনে সৰল আৰু ধুনীয়া, ভাবো তেনে আঁত নলগা আৰু বাছক্‌বনীয়া। বঙ্গভাষাত দ্বিজেন্দ্ৰলালৰ কবিতাই যেনে আদৰ পাইছে, অসমীয়া ভাষাত তোমাৰ কবিতায়ে তেনে আদৰ পাব বুলি মোৰ বিশ্বাস। ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এই দৰে কবিতাৰ নিতৌ নতুন বিনয়ি মালা গাঁথি মাতৃভাষাকে সজাবৰ নিমিত্তে তোমাক যেন দীৰ্ঘজীৱী কৰে।

গুৱাহাটী
২১-৪-২৭

তোমাৰ
শ্ৰীহেমচন্দ্ৰ গোস্বামী।