সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৫— দৃ. ৩
৮৩
ভাগ্যপৰীক্ষা
মাণি— কি হল? কি হল?
পানী— চোৱাঁচোন, চোৱাঁ, চোৱাঁ।

( পানীৰাম আৰু মাণিকীয়ে ভেবা লাগি চাই থাকে)

(নৃত্য গীত)

ভা-ক, ধ-ক
আৰু সখীসকল

মনোৰঞ্জন   দুখভঞ্জন
 কৰি ফুৰোঁ ঘৰে ঘৰে

 

( কিয়) চঞ্চল বুলি গঞ্জনা আমাক মিছাতে কৰে।
 মোহিব জানিব যেয়ে
 ৰাখিব পাৰিব সেয়ে
চঞ্চলা গুচি, অচল হওঁ, চিৰকাল আমি তাৰে।
 কৰিলেহে অযতন,
আহি ঘূৰি ঘূৰি, যাওঁ উড়ি উড়ি
 নপৰে নৰহে মন;
ভাবুকে ভালেৰে, ভাবিবা ধীৰেৰে, মনে নধৰেনে ধৰে।


যৱনিকা পতন।

সমাপ্ত।