সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৫— দৃ. ৩
৮১
ভাগ্যপৰীক্ষা
মোকোলাই দিলো। কিন্তু, তোমাৰ কৰ্ত্তব্য-জ্ঞান দেখি আমি বৰ মোহিত হৈছোঁ। সেই গুণে মৰমৰ চিন বুলি, আমিও এই মোহৰ হেজাৰকে আকৌ তোমাক উপহাৰ দিলোঁ। আৰু আমাৰ এই ক্ষুদ্ৰ উপহাৰটি তুমিও অঘিণকৈ গ্ৰহণ নকৰিলে, আমাৰ মনতো সন্তোষ নেলাগে।
পানী— আপোনালোকে এই দৰে আৰু কথাৰে বান্ধিলে, কি উপায় আছে? বাৰু, আপোনালোকে মোক কৈছিল বোলে, পাচত পৰিচয় দিম। এতিয়া পৰিচয় পাবলৈ, প্ৰাৰ্থনা কৰিছোঁ; আৰু দুদিন এদিন যেন মোৰ ঘৰত জিৰাই যায়, এই আশা কৰিছোঁ।
ধ-ক—

শুনা শুনা, দিও তেনে পৰিচয়;
ভাগ্যকন্যা এওঁ
অধিষ্ঠাত্ৰী দেৱতা ভাগ্যৰ;
মোৰ নাম ধনকন্যা, ধনৰ দেৱতা
ভাগ্য আৰু ধন,
কৰি কত বল,
তোমাকে হাতত লৈ
কৰি চালোঁ পৰীক্ষা ইয়াৰে।
দিলোঁ ধন দুবাৰ তোমাক,
ভাগ্য নথকাৰ বাবে
পোৱা ধনো উড়ি গ’ল, সুফল ন'হল।
সৌভাগ্য উদয় হ’ল পাচত যেতিয়া।
চাই থাকোঁতেই
এনেয়ে সকলো হ'ল,
আপুনি চাপিল ধন ক'ৰবাৰপৰা।