সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
ভাগ্যপৰীক্ষা
হে আজি মোৰ ঘৰত এনে মঙ্গল মিলিছে। বাৰু, তই যা; এয়াও আমাৰে ধন হয়।

( বিহুৱা আৰু বগাইৰ প্ৰস্থান)

ভাগ্যকন্যা— সকলো গৃহস্থৰ কপালেৰে হয়। আমি খন্তেকীয়া আলহী মানুহৰপৰা একো হ'ব নোৱাৰে!
পানী-— মোৰ যি ধন-বিত হৈছে, সকলো আপোনালোকৰ পৰাই হৈছে; যেই দেখি হে কৈছিলো বোলোঁ আপোনালোকৰ গুণ মই জনমে জনমে পাহৰিব নোৱাৰোঁ। আপোনালোকে দিয়া ৰূপ দুশ হেৰাইছিল হয়; তথাপি সেয়েহে মোক মানুহ কৰিলে। সেই দুশ ৰূপৰ কেনেকৈ ধাৰ শুজোঁ, মোৰ এয়ে মহা চিস্তা হ’ল। সেই গুণেই মই মুৰ পুতি কাৰবাৰত ধৰিলোঁ। এতিয়া চাওক, সিকি এটা মুলধনৰপৰা ইমান ডাঙৰ ফইৰ কাৰবাৰ হৈ উঠিল। আৰু

সেই সীহ্ ডোখৰৰ কথা, আপুনি ধেমালিকৈহে কৈ গৈছিল, বোলে—“ইয়াৰপৰাই সোণৰ গছ গজিব পাৰে; সেই কথা হাতে হাতে ফলিয়ালে; বাস্তবিকতে তাৰপৰা মোৰ সোণৰ গছ গজিল। ধন সোণেৰে মই আপোনালোকৰ ধাৰ শুজিব নোৱাৰোঁ; তথাপি শলাগৰ চিন বুলি, এই এহেজাৰ সোণৰ মোহৰ আগত থৈ, আপনালোকক মান ধৰিছোঁ। (শৰাই এখন আগ বঢ়াই দিয়ে)। আপোনালোকে ইয়াকে অঘিণকৈ গ্ৰহণ কৰি, মোক ধাৰৰপৰা মুকলি নকৰিলে, মোৰ মনৰ খুকুৰি নেভাগে।

ধ-ক — তোমাৰ মনত, এই ধাৰৰ বাবে, মিছাতে খুকুৰি লগাই থোৱা ভাল নহয়। এতেকে এই এহেজাৰ মোহৰ আদৰেৰে গ্ৰহণ কৰি, আমি তোমাক আমাৰ ধাৰৰপৰা অতি আনন্দেৰে