সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৫— দৃ. ৩
৭৯
ভাগ্যপৰীক্ষা
লাগিছে। আপোনালোকে মোৰ দুখ দেখি পুতৌ কৰিছিল; এতিয়া সুখৰ দিনত যে ধূলা দিলেহি, সেই বাবে মোৰ বৰ কপাল বুলি মানিছোঁ। আপোনালোকৰ গুণ মই জনমে জনমে পাহৰিব নোৱাৰোঁ।

( বিহুৱা আৰু বগাইৰ প্ৰবেশ।)

বিহু— দেউতা, আজি হেৰোৱা ধনৰ কিবা উজান উঠিছ। এয়া বগায়েও এটকা কম এশ ৰূপ পাই আনিছে। আয়ে কৈছে বোলে এয়াও হেনো আমাৰে ধন; ধন বন্ধা কাপোৰখন দেখিয়েই তেখেতে চিনিলে।
পানী— হয় নে কি, বগাই? কি ধন পালি?
বগাই— দেউতা, এয়া; এই চেলেং কাপোৰখনৰ আগতে এটকা কম এশ ৰূপ বান্ধি থোৱা আছিল। মই আকৌ আগৰ দৰেই বান্ধি, থৈছোঁ। কাপোৰখনেৰে মনেৰে কোনোবাই পাগুৰি মাৰিছিল হ’বলা। পাগুৰিটো মাৰি সোলোকাই থোৱাৰ দৰে চিন পাইছিলোঁ।
পানী— হয়; হয়! সেই খনেই কাপোেৰ। তই ক’ত পালি?
বগা— বাৰী-চুকত যে সেই শিমলু গছ জোপা আছিল, কেৰোণে খোৱা গছ, এতিয়া ভাগি পৰিল। তাৰ আগতে চিলনীৰ বাহ এটা আছিল! মই আকৌ বোলে, ভাল হৈছে, চিলনী পোৱালী থাকিব পায়, লৈ আহোঁগৈ। তেনেকৈ বুলি গৈ, বাহটো চাওঁগৈ, দেখোন চিলনী পোৱালী নাই, আছিল এই ৰূপ গাল!
পানী— আজি মোৰ নিশ্চয় বৰ ভাল দিন; নহ'লে হেৰোৱা ধন এই দৰে ঘুৰি ঘূৰি পাই নুফুৰোঁ। অপোনালোকে ধূলা দিয়াহি বাবেই