সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
ভাগ্যপৰীক্ষা
আনিম; আজিলৈ তুহ গুড়ি মুঠিদিয়েককে মিহলাই দিওঁ। এই বুলি, ওচৰৰ এই বেঙ্গুলী ঘৰৰ পৰা তুঁ‌হ গুড়ি এপাচি কিনি আনিলোঁ। ঘৰত আহি দেখোঁহি, তাৰ ভিতৰতে এইটো!
ধনকন্যা- এই মোনা সেই আমি দি যোৱা ধন দেখেন! মই মোনাটোতে চিন পাইছোঁ।
পানী- সি নো ঘূৰি পকি আকৌ মোৰ হাত পালেহি নে? হ’বও পাৰে; চাওঁ বাৰু লেখি চাচোন কিমান আছে।
বিহু- দেউতা, নেলাগে লেখিব; মই লেখিছিলোঁ; এটকা কম এশ গোটা ৰূপ আছে।
পানী – অ’ তেনেহলে আৰু শোধেই নাই। ইস্! ঈশ্বৰৰ কেনে বন একা! বঙ্গালীটোক সুধিছিলি নে, সি নো এই তুঁহ গুড়ি ক’ত পাইছিল?
বিহু— মই তাক ধনৰ কথা কোৱা নাই। তুঁহ গুড়ি ক’ত পাইছিল সুধিছিলোঁ। সি হেনো কালি ক'ৰবাৰ অইন এটা বেঙ্গুলীৰ পৰা কিনি লৈছিল; তাক চিনি নেপায়।
পানী- বাৰু ভাল হ’ল যা; তোৰ কঁপনি উঠিব নেলাগে। এয়া আমাৰে ধন; আগেয়ে হেৰাই আছিল, এতিয়া ঘৰৰ বস্তু ঘৰলৈ আহিল।
বিহু- হৰনে দেউতা? ইস্! বৰ ভাল কথা হল!

( প্ৰস্থান)

পানী- অন্যায়ৰ ধন ন'হলে, ঈশ্বৰে হেৰাব নিদিয়ে। এইদৰে  কোনো মতে বলাই ঘটাই উলিয়াই দিয়েহি।
ধ-ক— সেইটো ঠিক কথা।
পানী – পাচে, আজি আপোনালোকক পাই, মোৰ মনত বৰ ৰং