এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
ভাগ্যপৰীক্ষা
| আনিম; আজিলৈ তুহ গুড়ি মুঠিদিয়েককে মিহলাই দিওঁ। এই বুলি, ওচৰৰ এই বেঙ্গুলী ঘৰৰ পৰা তুঁহ গুড়ি এপাচি কিনি আনিলোঁ। ঘৰত আহি দেখোঁহি, তাৰ ভিতৰতে এইটো! |
| ধনকন্যা- | এই মোনা সেই আমি দি যোৱা ধন দেখেন! মই মোনাটোতে চিন পাইছোঁ। |
| পানী- | সি নো ঘূৰি পকি আকৌ মোৰ হাত পালেহি নে? হ’বও পাৰে; চাওঁ বাৰু লেখি চাচোন কিমান আছে। |
| বিহু- | দেউতা, নেলাগে লেখিব; মই লেখিছিলোঁ; এটকা কম এশ গোটা ৰূপ আছে। |
| পানী – | অ’ তেনেহলে আৰু শোধেই নাই। ইস্! ঈশ্বৰৰ কেনে বন একা! বঙ্গালীটোক সুধিছিলি নে, সি নো এই তুঁহ গুড়ি ক’ত পাইছিল? |
| বিহু— | মই তাক ধনৰ কথা কোৱা নাই। তুঁহ গুড়ি ক’ত পাইছিল সুধিছিলোঁ। সি হেনো কালি ক'ৰবাৰ অইন এটা বেঙ্গুলীৰ পৰা কিনি লৈছিল; তাক চিনি নেপায়। |
| পানী- | বাৰু ভাল হ’ল যা; তোৰ কঁপনি উঠিব নেলাগে। এয়া আমাৰে ধন; আগেয়ে হেৰাই আছিল, এতিয়া ঘৰৰ বস্তু ঘৰলৈ আহিল। |
| বিহু- | হৰনে দেউতা? ইস্! বৰ ভাল কথা হল! |
( প্ৰস্থান)
| পানী- | অন্যায়ৰ ধন ন'হলে, ঈশ্বৰে হেৰাব নিদিয়ে। এইদৰে কোনো মতে বলাই ঘটাই উলিয়াই দিয়েহি। |
| ধ-ক— | সেইটো ঠিক কথা। |
| পানী – | পাচে, আজি আপোনালোকক পাই, মোৰ মনত বৰ ৰং |