সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৫— দৃ. ৩
৭৭
ভাগ্যপৰীক্ষা

৩য় দৃশ্য—পানীৰামৰ নতুন ঘৰৰ বৈঠকখানা।

(পানীৰাম, সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্যকন্যা)

পানী— লঘোনে থাকি ৰাহি কৰা সেই সিকিটোৰ পৰা কেনেকৈ ইমান ডাঙৰ ফইৰ কাৰবাৰ হৈ উঠিছেগৈ, সেই সোপ! কথা আপোনালোকক শুনালোঁ। ইফালে, আপোনালোকে দি যোৱা সেই সীহ্ ডোখৰৰ পৰাই কেনেকৈ কি ধন পালে, তাকো শুনিলে। সেই ধন চাৰিওফালে নানা তৰহৰ কাৰবাৰত মেলি দিলোঁ। যিহতে ধৰিছোঁ, সেয়ে হৈ গৈছে; এতিয়া এই দেশৰ সকলোখিনি ডাঙৰ ডাঙৰ কাৰবাৰ মোৰ হাততে হ'ল। কেউ ফালৰ পৰা, হোৱা-হোৱে নৈ বোৱাদি ধন বৈ আহিছে! এতিয়া আৰু, আপোনালোকৰ ভৰিৰ ধূলাৰে, মোৰ কোনো নাটনি নাই।
ভা-ক — হওক, শুনি ৰ সন্তোষ পালোঁহক।

(বিহুৱাৰ প্ৰবেশ)

বিহুৱা-— দেউতা! দেউতা! দেউতা!
পানী— হেৰ, কি হ'ল?
বিহু — দেউতা, যি হে হৈছে! মোৰ গোটেই গাতে কঁপনি উঠিছে। এই মোনা কি চাওকচোন।!!
পানী— এই মোনা দেখোন ধন! ক’ত পালি?
বিহু— দেউতা, তুঁহ গুড়িত। তুঁহ গুড়িত!
পানী— হেৰ কি কৱ? কি তুঁহ গুড়িত পালি? ভালকৈ কচোন।
বিহু— চহিচে ক'লে বোলে অজি ঘোৰাৰ দানাই নোজোৰে। মই চালোঁ বোলোঁ কাইলৈ একেবাৰেই সৰহীয়াকৈ দানা কিনি