২য় দৃশ্য—পানীৰামৰ নতুন ঘৰৰ এটা কক্ষ।
(বিহুৱাই অকলৈ হাঁহি ফুৰে; বগাইৰ প্ৰবেশ)
| বগাই —
|
কি হল অ' বিহুৱা? তোৰ গাত কি বিহু লাগিল? অকলৈ অকলৈ হাঁহি ফুৰিছ দেখোন?
|
| বিহুৱা—
|
এৰা বোপাই, মোৰ মনটোত বৰ ৰং লাগিছে হেৰ!
|
| বগাই—
|
কিয় ইমানটোনো ৰং কেনেকৈ লাগিল?
|
| বিহুৱা—
|
মোৰ বৰ সুখ হৈছে হেৰ!
|
| বাই—
|
সুখ কিবা তোৰে অকলৈ হৈছে নে? এইঘৰ মানুহত নো কাৰ সুখ হোৱা নাই? সেই বুলি আৰু অকলৈ এই দৰে হাঁহিব লাগে নে?
|
| বিহু—
|
মই বোপাই ৰং লাগিলে নেহাঁহি নোৱাৰোঁ। মনৰ ৰংটো, তহঁতৰ দৰে সাফৰ মাৰি ঢাকি থোৱাৰ কি “পয়জন” আছে? চাচোন, এনে ঘৰ মানুহ আৰু আমি ক’ত পাম?
|
| বগা—
|
সেইটো হ'লে বোপাই ঠিক কৈছ। ওলাই যাবৰ দিনা কান্দি হে যাব লাগিব।
|
| বিহু—
|
মই হ'লে বাপেকে ওলাই নেযাৱেঁই। ঘিঁউ, চেনি, গাখীৰ, গুড়, সোপাই আমাৰ হাততে; যেতিয়াই যিহকে মন যায়, তাকে খাইছোঁ, গিৰীহত ঘৈনীৰ তাত একে। হকা-বধা নাই; আমিয়েই দিছো যদিহে খাবলৈ পাইছে। ইফালে চাচোন, এইবোৰ ছমহীয়া সাত মহীয়া চুৰিয়া, বঢ়িয়া বঢ়িয়া “কোট্” চোলা, যিহকে খুজিছোঁ, তাকে দিছে! এনে সুখ বোপাইৰ আজো ককাকেও কৰিবলৈ পোৱা নাই। মই বোপাই, লাগে দৰ্ম্মহাকে নলওঁ, এনেয়ে থাকিম।
|