পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় দৃশ্য—পানীৰামৰ নতুন ঘৰৰ এটা কক্ষ। { বিহুৱাই অকলৈ হাঁহি ফুৰে; বগাইৰ প্ৰবেশ) বগাই -কি হল অ' বিহুৱা? তোৰ গাত কি বিহু লাগিল? অকলৈ অকলৈ ঘঁহি ফুৰিছ দেখোন? বিহুৱা-এৰা বোপাই, মোৰ মনটোত বৰ ৰং লাগিছে হেৰ! বগাই—কিয় ইমানটোনো ৰং কেনেকৈ লাগিল? বিহুৱা-মোৰ বৰ সুখ হৈছে হেৰ! বাই-সুখ কিবা তোৰে অকলৈ হৈছে নে? এইঘৰ মানুহত নো কাৰ সুখ হোৱা নাই? সেই বুলি আৰু অকলৈ এই দৰে হাঁহিৰ লাগে নে? বিহু-মই বোপাই ৰ লাগিলে নেহাহি নোৱাৰে। মনৰ ৰংটো, তহঁতৰ দৰে সফৰ মাৰি ঢাকি থোৱাৰ কি “পয়জন” আছে? চাচোন, এনে ঘৰ মানুহ আৰু আমি ক’ত পাম? বগা--সেইটো হলে বোপাই ঠিক কৈছ। ওলাই যাবৰ দিনা কান্দি হে যাব লাগিব। বিহু—মই হলে বাপেকে ওলাই নেকেই। ঘিউ, চেনি, গাখীৰ, গুড়, সোপাই আমাৰ হাততে; যেতিয়াই যিহকে মন যায়, তাকে খাইছো, গিৰীহত ঘৈনীৰ তাত একে। হকা-বধা নাই; আমিয়েই দিছো যদিহে খাবলৈ পাইছে। ইফালে চাচোন, এইবোৰ ছমহীয়। সাত মহীয়া চুৰিয়া, বঢ়িয়া বঢ়িয়া “কো” চোল, যিহকে খুজিছো, তাকে দিছে! এনে সুখ বোপাইৰ আজো ককাকেও কৰিবলৈ পোৱা নাই। মই বোপাই, লাগে দহাকে নলওঁ, এনেয়ে থাকিম।