এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৪— দৃ. ২
৬৩
ভাগ্যপৰীক্ষা
| বেলোল বুলি ক'লাঁ, মই তামোলৰ বটাটোতে পেলাই থলোঁ। তোমাৰ কথাতে তেনেই মৰিব লগীয়া! কিনো হ'লহেঁতেন ঐ! তেনেই মৰিলোঁ হেতেন ঐ! |
| পানী— | হেৰ, তই মোক বলিয়া কৰিবি এতিয়া। কথাটো কি? হ’ল কি? |
| মাণি— | মই দলিয়াই নেপেলাই, বটাটোতে ভাল থৈ দিছিলোঁ। ঐ? দেহি ঐ! |
| পানী— | বাৰু মই পেলাই দিবলৈ ক'লোঁ, নেপেলাই থ’লি থ'লি বটাতে; সেই ৰাবে নোঁ এতিয়া কি জগৰ লাগিল? |
| মাণি — | জগৰ লগা নাই। কালি মাণিকলাল জহৰীৰ ঘৈনীয়েক আহিছিল; তেওঁ, সেইডোখৰ দেখি, গিৰীয়েকক দেখুৱাবলৈ খুজি লৈ গ'ল। আজি এতিয়া তেওঁ আহিছে; কি কৈছে শুনাহিচোন। |
| পানী— | হেৰ কি কৈছে? কি কৈছে? |
| মাণি— | কৈছে বোলে সেইডোখৰ হেনো আচল হীৰা। কোনোবা ৰজাক দিলে হেনো এতিয়াই বহুত ধন দিব। তুমি ভাল পেলাই দিবলৈ কৈছিলাঁ ঐ। |
| পানী— | হেৰ কিনো কৱ ! সঁচা নে? |
| মাণি— | সঁচা মিছা তুমি নিজ কাণে শুনাহি; তেওঁ ভিতৰতে আছে। |
| পানী— | ব'লচোন বাৰু ব’ল, ব’ল। তাকে অত ৰেলি নকৱ কিয়? |
(দুইৰে প্ৰস্থান)