এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ভাগ্যপৰীক্ষা
| পানী— | হে কি নো হ'ল। মই কি কৰোঁ এতিয়া! হে গোঁসাই, কি কৰিলাঁ ঐ! আমি নো ক’ত মৰোঁগৈ ঐ! |
| মাণি— | নহয়, নহয়; নেলাগে মৰিব; তেনে কণা নহয়। |
| পানী— | হেৰ তেনে নকৱ কিয়, (কনে নো কথা? |
| মাণি— | হে কেনেকৈ নো কওঁ ঐ! মোৰ দেখোন মাতেই নোলোৱা হ'ল। |
| পানী— | অতবোৰ বকিবলৈ মাত ওলাইছে কেনেকৈ? ক বেগেতে, কি হৈছে। |
| মাণি— | সেই দিন যে মাছ খাইছিলোঁহক— |
| পানী— | কি মাছ খাইছিলোঁ। |
| মাণি— | সেই সীহ্ডোখৰ নি যে সুমথিৰাই বৰ বৰালি মাছটো দিছিছিলহি— |
| পানী— | খালোঁহক, পচে কি হ'ল? তোৰ কিবা পেট মূৰ বেয়া কৰিছেনে কি? |
| মাণি— | এ নহয়, নহয়; (সই যে মাছটোৰ পেটত--- |
| পানী— | মাছটোৰ পেটত গিলাচ্ না বোলোল্ এডোখৰ ওলাইছিল; সেই বাবে মাছটো খাব নোপোৱা হ’লনে? |
| মাণি— | নয়য় হে; কথাটো শুনি লোৱাঁচোন; মোক নো ক’বলৈ তত, নিদিয়াঁ কিয়? বৰ কথা! বৰ কথা! |
| পানী— | এতিয়া মইহে নুশুনা হ’লোঁ! তত বেলি নো কৈ নেপেলাৱ কিয়? |
| মাণি— | কথাটোৱে খুন্দা মাৰি ধৰি বুকুখন ধান বনাদি বানিছে ' বেগতে ক'ব নোৱাৰোঁ; লাহে লাহে কওঁ, শুনা—সেইডোখৰ তুমি |