এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ.৩—দৃ.৫
৫৫
ভাগ্যপৰীক্ষা
| নোৱাৰি। আগৰ দৰে উচিত দামতকৈ দুমহা বঢ়াই ল’বৰ, বা কোনোটো বস্তু জোখতে অলপ কমাই দিবৰ দিন উকলিল। কিবা এটা কিনিব খুজিলে, বেয়া বস্তু দিওঁ বুলি, পিটিকি পিটিকি চাব। এনেকুৱাত দোকান-পোহাৰ কেনেকৈ চলে? পাচে মই আহিলোঁ। কিয়–কাইলৈ মোক ভালেখিনি ফই লাগে; তুমি কিমান দিব পাৰিবা? |
| পানী- | তোমাক লাগে বা কিমান। |
| পাহ্- | চাৰি মোণ মান দিব পাৰিবা নে? |
| পানী— | পৰা হ’ব; লাগিলে তাতকৈ সৰহো ওলাব। |
| পাহ্- | বাৰু তেন্তে, কাইলৈ মোক দোমোণ ফই লাগিব; দিহা কৰি থ’বা। মই এতিয়া আহিলোঁ। |
| পানী- | অলপ ৰৱাঁ। সিদিনা তুমি ফইৰ দাম দিওঁতে, ভুলত ৰূপ এটকা বঢ়াই দি গ’লা তাকে মই আনি দিওঁ, এতিয়া লৈ যোৱাঁ। |
| পাহ্— | হয়নে কি? যোৱাঁ যোৱাঁ তেন্তে, লৈ আহাঁগৈ। |
(পানীৰামৰ প্ৰস্থান)
| (মনতে) এনেটো আকল পুৰি খোৱা গোট গৰুৱেনো কেনেকৈ লাভ কৰি খাইছে! লোকৰ ধন পাইনো কোনোবাই উপ্যাচি ওভোতাই দিয়ে! হ’ব নোৱাৰিলে লোকৰ ভুল, তুমি হাতত পোৱা ধন কি এৰি দিবা? কণা বিধতাৰ নো কি বিচাৰ একা! এনেটো অলগৰ্দ্ধ মানুহকে ফই বেচাই |