সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
ভাগ্যপৰীক্ষা

(গীত)

আজি ৰৌ বাহু আৰি ভেউ ভাৰেৰে আনিম।
বিহাই বিহাই বৰ বৰালি ধৰিম।
চিতল খৰিয়া
মিৰিকা ঘৰিয়া
মখা–মখে ধৰি আনি দ’মাই ঢালিম।
মাছ দেখি ৰং পাব
তাই বেটী মোহ যাব
পাৰেনে এৰিব মোক দেখিম দেখিম;
মজা কৰি বহি বহি ঢিকিৰা পুৰিম।


৫ম দৃশ্য-পানীৰামৰ বাহিৰ ঘৰ।

(পানীৰাম, পাহ্‌বৰ)

পাহ্‌— তোমাৰ কাৰবাৰ দিনেপতি বাঢ়ি গৈছে। লাভো বহুত হৈছে চাগৈ। আমাৰ ফালেহে দোকান-পোহাৰ তেনেই মুঠেই তললৈ গৈছে।

{{Playscript|gap=6|পানী-|কিয়?

পাহ্‌- আজিকালি দোকান-পোহাৰ দি খাব নোৱাৰা হ'ল। মানুহ- বোৰ যেনেহে টিমক হ’ল, সিহঁতৰ চকুত অঙ্গুলি দিব