এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
ভাগ্যপৰীক্ষা
| তেনেকৈ ভাল মাছ এসাজ খুৱামহিয়েই খুৱামহি। মিছা কৈছোঁ যদি, বাটত দেখিলেও গালি শপিবাঁ; বাঢ়নীৰে খুচিবাঁ। |
| মাণি— | এ আই, এনে কথা নো কিয় কৱ আই? কিনো বৰ ধন- সোণবোৰ দিলোঁ! আছে বস্তুখন, তই ওচৰ-চুবুৰীয়া মানুহ; লগা হৈছে, লৈ যা; আমি নো তাৰে কি কৰিম? মৰমত দিয় যদি, কেতিয়াবা সৰহীয়াকৈ মাছ পালে, এনেয়ে এচকল দিবি, নেপালে নিদিবি। মই কিবা মাছৰ সলনি সীহ্ দিছোঁ নে, তালৈকে তই কুকুৰা কাটি শপত খাব লাগিছে? |
| সুম্— | এৰা, হওঁতে ওচৰচুবুৰীয়া মানুহ যেতিয়া, পালে এচকল এনেয়ে দিব লাগে। বাৰু এতিয়া আহিলোঁ, থাকিবাহে আৰু; সিটো চাগৈ ৰৈ আছে। |
| মাণি— | ৰাৰু যাগৈ আই। |
(দুইৰো দুফালে প্ৰস্থান।)
৪ৰ্থ দৃশ্য—ৰূপেশ্বৰৰ চোতাল।
(ৰূপেশ্বৰ, ভদীয়া।)
| ৰূপে— | উস্, দেও, এতিয়াহে গালৈ তৎ আহিছে। ধোঁৱা কেহোঁপা নিগিলোঁ মানে, মই তধামধা দেখি গ’লোঁ। এতিয়াহে মনটো |