এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৩— দৃ. ২
৫১
ভাগ্যপৰীক্ষা
(মাণিকীৰ প্ৰবেশ)
| মাণি — | কি হ’ল আই? ৰাতিখন আহিলি দেখোন? |
| সুম্— | বস্তু এখন বিচাৰি আহিলোঁ। দেও? আজি মাছৰ উজান পৰিছে। খটিৱাওঁতে খটিৱাওঁতে কোনোমতে আমাৰ সিটো মাছলৈ যাওঁ বুলিছে। তালকৈ পাচে জালখনত গুৰা নাই। সীহ্ এফেৰা পালেও গুৰা গোটাদিয়েক কৰি ল'ব পাৰে; তাকে ক'তো নেপালোঁ। তোমালোকৰ ফালে কেনেবাকৈ ক'ৰবাত আছে যদি সীহ, এফেৰা গোনাই নিবলৈ বুলি সোমালো। |
| মাণি-— | এ, ক’ৰ হ’ব মোৰ আই? আয়ৈ দেহি। কেলৈ আহিলি ৰাতিখন মিছাতে? |
| পানীৰাম— | ( ভিতৰৰপৰা) হেৰ কেলৈ, সিদিনাৰ সেই সীহ্ ডোখৰ আছিল নহয়? |
| মাণি— | অ’ হয়! ৰ’বিচোন বাৰু ৰ'বি; আছিল হয় এডোখৰ। |
(প্ৰস্থান)
| সুম্— | এৰা দেও, আছে যদি, দিয়াঁ অকণমান চাই চিতি; ধৰিব পাৰে যদি, এফেৰা মাছকে খুৱাম। |
(মাণিকীৰ পুনঃ প্ৰবেশ )
| মাণি — | পালোঁ পালোঁ; হোঁ আই; (সীহ, দিয়ে) জুৰিব নে ইয়াৰে? |
| সুম্— | অ’ জুৰিব জুৰিব; বাঢ়িয়াকৈ জুৰিৰ। উস্ হক তেও, , বৰ কথা হ’ল দেও; বৰ গুণ লৈছোঁ। মই কাইলৈ যেনে |