সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
ভাগ্যপৰীক্ষা
আহিছে; টিকিৰা কেইটা কৰি লৈছোঁ; আমি তাকে বেগেতে পুৰি লওঁহক।
সুম্— বাৰু মই যাওঁ; তুমি টিকিৰা-টুকুৰা খাই বেগতে ওলোৱাঁ।

{ প্ৰস্থান)

(ভদীয়াৰ প্ৰবেশ)

ভদী- কি কৰিছাহে সখি? মাছ মাৰিবলৈ যাওঁহক, ব'লাঁ।
ৰূপে— এ, কিনো ক'বা দেও। সেই বাবেই এতিয়া সিজনীয়ে সৈতে এখন লগাহে; কোনো মতেহে সাৰিছোঁ।
ভদী— কিয় কিয়? কিনো হৈছিল
ৰূপে— আহা বাৰু ভিতৰলৈ আহাঁ। পাণ কৰি থৈ আহিছোঁ; দুয়ো খাওঁগৈ। কি হৈছিল, তাতে কম শুনিবাঁ।

{ দুইৰো প্ৰস্থান)



৩য় দৃশ্য—পানীৰামৰ চোতাল।

( সুমথিৰাৰ প্ৰবেশ)

সুম্— অ' জেতুকী-মাক আছা নে?
মাণিকী-- (ভিতৰৰপৰা) আছোঁ; কোন সেইটি? সুমথিৰা নে?
সুম্— এ দেও, এইটে ওলাই মাতাঁচোন।