এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
ভাগ্যপৰীক্ষা
| ওলাইছহি? মোক তই “সামাইন্” মানুহটো যেন পাইছ, নহয়? নেদেখিলিনে?---সিদিনা বাপুৰাম মৌজাদাৰেও, এই পিনে যাওঁতেহি, মোক "মাইন” কৰি, তুমি-তামাকৈহে মাতি গৈছে। মই তোক জাল বাই খুৱাব লাগে! |
| সুম্— | জানিছোঁ; পাচে ঘৰত বহি টিকিৰা পুৰি থাকিলেই, বৰ লোক জনৰ খাবলৈ ওলায় ক’ৰ? |
| ৰূপে — | মই নোখোৱাকৈ আছোঁ, নেই? মাছে শাকে, কানি পাণে চাহ-পানীয়ে দিনে ৰাজভোগ ভুজিছোঁ, তই দেখা নাই? |
| সুম্ — | কাৰবাৰ যহ'ত!—মই বেটী জনীয়ে গোটাই পিতাই দিমহি, বৰ লোক জনে বহি গৰাহটো জুৰিব! |
| ৰূপে — | তোৰ কৰিবৰ বাব্, তই কৰিবিয়েই। তিৰীৰ তিৰী কাম ন'কৰিলে তোক কোনে শুদাই এৰিব? তই হ’বলা ভাবিছ?-- তই নহলে মই কাতি হৈ পৰিম। তই গুচি যাচোন, তেতিয়াও মই কেনে দৰে খাওঁ, চাবি। |
| সুম্— | মোৰ যাবলৈ ঠাই নোহোৱা হোৱা নাই। আইহঁতৰ ঘৰলৈ গ'লে, ককাইটিয়ে গাত টোপ নপৰাকৈ আলাসৰ লাড়ু থোৱাদি থ’ব। |
| ৰূপে— | অ’ সেই ছাল-ছিগাটোৱে? সেই ভিকহুটোৱে তোক চাঙ্গত তুলি থ’ব? |
| সুম্ — | আমি ছাল-ছিগা ভিকহু মানুহ ভিকহু ভাৱেই থাকিব পাওঁ। বৰ মানুহবোৰে তেনে ভিকহুৰ ছোৱালী আনিব নেপাইছিল। |
| ৰূপে— | হেৰ, এতিয়াও তই গুচি যা। তই গ'লে, কাইলৈকে মোক ভৰিত ধৰি কেইজনী দিয়েহি, দেখিবি। |