| ধ-ক --
|
আমি এই ফালে বেপাৰলৈ আহিয়েই থাকোঁ। অজৰি পালেই, মাজে সময়ে আহি তোমাৰ ভু-ভা লৈ থাকিম। ধাৰৰ বাবে কোনো চিন্তা নাই।
|
| ভা-ক—
|
তুমি আমাৰ ধাৰলৈ কিয় ইমান ভয় খাইছাঁ? তাৰ বাবে ক’তো বন্দী সোমাব নেলাগে। আমি এইবাৰ আহোঁতে বাৰু এটা দিহা কৰিমহি। এতিয়া আৰু আমি যাওঁহক। হোৱাঁ তোমাক এটি বস্তু দি যাওঁ; এই সীহ্ডুখৰি দিলোঁ।
|
| পানী--
|
কি কৰিব লাগে ইয়াৰে? ভা-ক-থৈ দিয়াগৈ; কপাল ভাল হ’লে, ইয়াৰেপৰা সোণৰ গছ গজিব পাৰে।
|
| পানী—
|
ওঁ, পাৰে তো; মোৰহে যেনে কপাল, কিয় নোৱাৰে? মোনা মোনে ধনহে পাখি লাগি উড়ি যায়!
|
| ভা-ক-
|
বাটতে পালোঁ সীহ্ডোখৰ, পেলাই দিমনে আৰু? থৈ দিয়াঁ এঠাইত পেলাই; সি নো কি ভাত মাছ খুজিব?
|
| ধ-ক-
|
থৈ দিয়াঁ, কেতিয়াবা কিবা কামত লাগিব পাৰে। আমি আহলো!!
|
(ধনকন্যা, আৰু ভাগ্যকন্যাৰ প্ৰস্থান)
|
|
দেহি ঐ, ডাঙৰ ডাঙৰ মন! অতখিনি ধন হেৰাল দেখিছেই, তেও একেষাৰ টান কথা নাই। আমাৰ পাহ্বৰ দোকানীৰ দৰে ন চহকীয়ে পোৱা হ’লে, দুশহে নেলাগে, দুটা পইচাৰ লগতে অত বেলিয়ে মোৰ গাৰ মঙ্গহকে এৰুৱাই নিলেহেতেন।
|