সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
ভাগ্যপৰীক্ষা
ধ-ক -- আমি এই ফালে বেপাৰলৈ আহিয়েই থাকোঁ। অজৰি পালেই, মাজে সময়ে আহি তোমাৰ ভু-ভা লৈ থাকিম। ধাৰৰ বাবে কোনো চিন্তা নাই।
ভা-ক— তুমি আমাৰ ধাৰলৈ কিয় ইমান ভয় খাইছাঁ? তাৰ বাবে ক’তো বন্দী সোমাব নেলাগে। আমি এইবাৰ আহোঁতে বাৰু এটা দিহা কৰিমহি। এতিয়া আৰু আমি যাওঁহক। হোৱাঁ তোমাক এটি বস্তু দি যাওঁ; এই সীহ্‌ডুখৰি দিলোঁ।
পানী-- কি কৰিব লাগে ইয়াৰে? ভা-ক-থৈ দিয়াগৈ; কপাল ভাল হ’লে, ইয়াৰেপৰা সোণৰ গছ গজিব পাৰে।
পানী— ওঁ, পাৰে তো; মোৰহে যেনে কপাল, কিয় নোৱাৰে? মোনা মোনে ধনহে পাখি লাগি উড়ি যায়!
ভা-ক- বাটতে পালোঁ সীহ্‌ডোখৰ, পেলাই দিমনে আৰু? থৈ দিয়াঁ এঠাইত পেলাই; সি নো কি ভাত মাছ খুজিব?
ধ-ক- থৈ দিয়াঁ, কেতিয়াবা কিবা কামত লাগিব পাৰে। আমি আহলো!!
পানী— ভাল, সেৱাহে।

(ধনকন্যা, আৰু ভাগ্যকন্যাৰ প্ৰস্থান)

দেহি ঐ, ডাঙৰ ডাঙৰ মন! অতখিনি ধন হেৰাল দেখিছেই, তেও একেষাৰ টান কথা নাই। আমাৰ পাহ্‌বৰ দোকানীৰ দৰে ন চহকীয়ে পোৱা হ’লে, দুশহে নেলাগে, দুটা পইচাৰ লগতে অত বেলিয়ে মোৰ গাৰ মঙ্গহকে এৰুৱাই নিলেহেতেন।