সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ২— দৃ. ৫
৪৩
ভাগ্যপৰীক্ষা
ধাৰৰ বোজা লৈ মৰিবলৈ হ'লে মোৰ কি গতি হ’ব। মানুহহাল আৰু এই টোকোৰা পঁজাটো, ইয়াৰ বাহিৰে মোৰ একো নাই। এতেকতে, আপোনালোকে আমাক দুইকো আপোনালোকৰ লগতে লৈ ব’লক। আপোনালোক সদাগৰ মানুহক বহুত বন্ধু লাগে; গাত এডোখৰ ফটা কানি, পেটত এমুঠি ভাত, মুঠেই ইয়াকে দিব, এই দুশ ৰূপ নমৰে মানে, আমি বন্দী বৈ থাকিম।
ধ-ক— সেই বাবে নো কেলৈ চিন্তা কৰিছাঁ? আমি সিবাৰ কৈ গৈছোঁ নহয়, বোলে। দুশ টকা ৰূপ লোকচান হলে আমাৰ গা নেপায়গৈ?
পানী— নহয়, সেই বুলি মোৰ দিবলগীয়া বাবটো ক’লৈ যাব?
ভা-ক— বাৰু তুমি আগেয়ে যেনেকৈ খাইছিলাঁ, সেই দৰেই খাই থাকাঁ যেতিয়া ধন-বিৎ গোটাব পাৰাঁ, আমাক দিবাঁ।
পানী-— সেই দৰে হ'লে মোৰ ধাৰ শুজিৰ কি শক্তি আছে? নহয় মোক লৈ যাওক, ঋণ-সাগৰৰপৰা নিস্তাৰ কৰক।
ভ-ক— বাৰু কিছু দিন বাট চোৱাঁচোন; সদায় একে কালেই যাব নে? কি জানি গোসাঁয়ে চকু মেলি চায়েই। যদি কোনো পিনে একো নহয়, তেনেহলে পাচত জানো কিবা আমাৰ লগত যাব নোৱাৰিবাঁ?
পানী— মই ফই বাটি, পেটত খাই, আকৌ ধন সাঁচি ধাৰ শুজিম, সেইটো পাইছোঁ। বাৰু আপোনালোকে নিনিয়ে, য’তে ত’তে বন্দী সোমায়েই কিবা এটা দিহা কৰিম। আকৌ কেতিয়া লগ পাম, তাৰে এটা ঠিকনা দি যাওক।