এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ভাগ্যপৰীক্ষা
|
জোনাক জোনাক আমি জোনাক বিলাওঁ |
( দুইৰে প্ৰস্থান )
৫ম দৃশ্য—পানীৰামৰ ঘৰ।
(পানীৰাম, সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্য কন্যা)
| পানী— | আচলতে, কপাত সুখ নেথাকিলে, আপোনালোকে মোৰ কেনেকৈ সুখ কৰি দিব? এই দুবাৰ দোমোনা ধন দিলেহি; মই তাৰ দহ টকা ৰূপে ৰাখি খাব নোৱাৰিলোঁ। বাৰু ধন নো ক'ৰবাত চিলনীয়ে থ’পিয়াই নিয়ে নে? এইটো কথাকে চাওকচোন। এনেখন মোৰ কপাল! পাচে এতিয়া আপোনালোক আহিল, ভাল হ’ল; মই বাটলৈ চাইহে আছিলোঁ। মোক এফেৰি উপকাৰ কৰক। |
| ভা-ক— | কি লাগে কোৱা; পৰাখিনি পক্ষত আমি তোমাৰ উপকাৰকেহে কৰিম। |
| পানী— | ধন আৰু মোক নেলাগে; ধনে মোক নুশুজে। এই দুশ যে গ'ল, তাৰ বাবেও বেজাৰ কৰিবলৈ লাহে লাহে এৰি দিছোঁ। গ’ল গ'ল, ভালেই হ’ল; আগৰো নাই, এতিয়াও নাই। পাচে এতিয়া আপোনালোকৰ ধাৰৰ পৰা নিস্তাৰ পাওঁ কেনেকৈ? |