পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম তাঙৰণৰ পাতান

 “ভাগ্যপৰীক্ষা” লিখা আজি পাঁচ বছৰ হ’ল। তেতিয়াই অকল যোৰহাটতে কেইবা বাৰো অভিনয় কৰি, ইয়াক অত দিন সুমাই থৈছিলোঁ; আজি পেৰাৰ পৰা উলিয়াই ৰাইজলৈ আগ বঢ়ালোঁ।

 সুবিখ্যাত বিদেশী গ্ৰন্থ এখনৰ সাধুকথা এটি অৱলম্বন কৰি এই নাট লিখা হৈছে। কিন্তু ইয়াক ঘৰুৱা কৰিবলৈ যত্ন কৰোঁতে কৰোঁতে, সেই সাধুৰ ইয়াত অকল জুমুধিটোহে থাকিলগৈ; তাৰ ওপৰৰ মাটি, ফটাকানি, বৰণ, ৰাং-পতা আৰু আ-অলঙ্কাৰ আদি লিখকৰ নিজা। ভাগ্যকে সাৰোগত কৰি বহি থাকিবলৈ শিক্ষা দিয়াটো এই নাটৰ উদ্দেশ্য নহয়। ধনৰ লগত সুযোগ আৰু সুবুদ্ধিৰ কিমান প্ৰয়োজন, তাক দেখুৱাবলৈহে ইয়াত যথাসাধ্য যত্ন, কৰা হৈছে। সেই যত্ন কিমান ফলৱতী হৈছে, পাঠক-পাঠিকাসকলেহে ক’ব পাৰিব।

 ইয়াৰ লগতে গানবিলাকৰ স্বৰলিপি প্ৰকাশ কৰিবৰ মন আছিল; কিন্তু, কৰিব নোৱাৰিলোঁ। আৱশ্যক দেখিলে পাচতো কৰিব পৰা হ'ব।

 শ্ৰীযুত লোহিতচন্দ্ৰ ভূঞাই, এই নাট ছপাওঁতে, মোক অশেষ সাহায্য কৰিছে। সেই বাবে তেখেতৰ ন’থৈ শলাগ লৈছোঁ।

যোৰহাট
২৯|৮|১৯১৬

শ্ৰীচন্দ্ৰধৰ বৰুৱা