সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ২— দৃ. ৩
৩৭
ভাগ্যপৰীক্ষা

৩য় দৃশ্য——পানীৰামৰ চোতাল

( পানীৰামৰ প্ৰবেশ )

পানীৰাম— ভাল মাৰিলাঁ প্ৰভু, ভাল মাৰিলাঁ মোক! হেৰ জেতুকী-মাক কিনো কৰিছ? ওলাই আহচোন।
মাণিকী— ( ভিতৰৰপৰা) মাছ গানে। বুলিছিলাঁ দেখি, মই পাচলি এমুঠি কুটিছোঁ।
পানী— মাছ খুৱালে ভালকৈয়ে আৰু! হে গোসাঁই, মোক মৰা পেলালাঁ, মোক মৰা পেলালাঁ।

(মাণিকীৰ প্ৰবেশ )

মাণি— কিনো হ’ল? মাছ নেপালাঁ হ’বলা? অ'! হে পাগুৰি কৰিলাঁ কি?
পানী— কিনো সুধিছ মোৰ জেতুকী-মাক ঐ! মৰিলোঁ। মৰিলোঁ। ঐ, নিগমে মৰিলে।! ধনে মাছে, পাগুৰিয়ে সোপাকে একে থাপতে নিলে, মোৰ কুটুম ঐ, একে থাপতে নিলে।
মাণি — ঔ আই! ক'লৈ নিলে হেঁ?
পানী— হে কলৈ নিলে কেনেকৈ কম? কেনিবা উড়াই নিলে।
মাণি — কিনো কয় আ্'! কোনে নিলে?
পানী— চিলনীয়ে নিলে, মোৰ জেতুকী-মাক ঐ, চিলনীয়ে নিলে।
মাণি— সঁচানে মিছা? ধেমালি কৰিছা নে কি?