সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
ভাগ্যপৰীক্ষা
পানী— বাৰু হৈছে; এইবাৰ আৰু সি কথা নহয়। এইবাৰ তোমাক ভঁৰালী পতা নেযায়। “এবাৰ সঙ্গে খালে, দোৱা বাৰ লেজুতো ভয়।”
মাণি— তুমি নো ক’ত থ’বা?
পানী— বাৰু মই য’ত থওঁ থ'ম। চাওঁ, তোৰ চেলেং কাপোৰখন উলিয়াই আন।

( মাণিকীৰ প্ৰস্থান)

(মনতে) ইয়াৰে এটা উলিয়াই থওঁ। (ফুটাই) হেৰ মোৰ লাখুটিডোখৰৰ লৈ আহিবি।

(এটকা উলিয়াই লয়)

(চেলেং আৰু লাখুটি লৈ মাণিকীৰ প্ৰবেশ। পানীৰামে প্ৰথমতে চেলেঙ্গৰ আগত ৰূপখিনি বান্ধে, তাৰ পাচত সেই চেলেঙ্গেৰেই পাগুনি মাৰি লৈ, ৰূপ বন্ধা আগটো পাগুৰিৰ ভিতৰত ভালকৈ লুকাই লয়)
 
এতিয়া আৰু খাওঁতে শোঁতে, উঠোঁতে বহোঁতে, দিঠকে সপোনে, আৰু ধুতিয়ে বিধুতিয়ে, মূৰৰ পৰা এই পাগুৰি সোলোকোৱা নেযায়। এইবাৰ কটা ধেঙৰ বেঙ্গুলীয়ে নো কেনেকৈ ছলিবহি পাৰে চাওঁ। ইয়াৰে এই টকা লৈছোঁ। মাছ খাবলৈ আৰু পাহৰাৰ দৰে হ'লেোঁ বজাৰৰপৰা এফেৰা