| পাহ—
|
(মনতে) আঠ অনাত বেচিলেও, চাৰি অনা লাভ থাকে। বাৰু তাৰ ওপৰে কি সৰকাব পাৰোঁ চাওঁ। (শুনাই) হাও! নপৰে; তেও যদি নিব খুজিছে, পোন্ধৰ অনা দিয়ক।
|
| কৃষ্ণ-
|
( ভিতৰৰ পৰা) মই দহ অনাতকৈ এটা পইচাও নিদিওঁ।
|
| পাহ—
|
তেন্তে গুচি যাওক; ভাল ভালে কেতিয়াও নেপায়। (অলপ চাই থাকি) সঁচাকৈয়ে গ'লেই হ’বলা। উভতি উভতি চাই যাবলৈকো এৰিলে! হেৰ. মাতচোন মাত, মাত; চিঞৰ ধৰ।
|
| ধূলি—
|
(চিঞৰি) হেৰি ডাঙৰীয়া, হেৰি, শুনি যাওক।
|
(কৃষ্ণকান্তৰ পুনঃ প্ৰবেশ )
| পাহ—
|
মূলে মুলেই এৰি দিলোঁ; এটা পইচা যদি লাভ ৰাখিছোঁ গুৰু ভকতৰ অন্তৰ। তেৰ অনা পইচা দিয়ক, লৈ যাওক।
|
| কৃষ্ণ—
|
বাৰু দিয়াঁ যদি, বাৰ অনাত দিয়াঁ, নহলে থাওক।
|
| পাহ—
|
বাৰ অনাত দিলে এক অনা পইচা লোকচান হয়; বাৰু আৰু দুটি পইচা দিয়ক।
|
| কৃষ্ণ—
|
তেন্তে থাওক, আহিলোঁ।
|
| পাহ—
|
বাৰু হোঁৱক, হোঁৱক, লৈ যাওক; আপোনাক হে লাগে।
|
(পইচা দি আৰ্চী লৈ কৃষ্ণকান্ত প্ৰস্থান।)
|
|
যা, ঠগিলোঁ; লাভকে ৰাখিলোঁ। আঠ অনা।
|