পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
ভাগ্যপৰীক্ষা

 যেনে কাপোৰ তেনেই আছে। এই চালানত বাৰ দৰ্জন আনিছিলোঁ;থাপতে উড়ালে; এই মাথোন দুটা বাকী আছে।

কৃষ্ণ—উহুঁ; মোক লগা বিধৰ ছাতি ইয়াত নাই।

পাহ—আপোনাক নো কেনে লাগে?

কৃষ্ণ-কাপোৰডোখৰ ৰেচমী হ’ব লাগে।

পাহ—সেইবোৰ নহয় ৰেচমী।

কৃষ্ণ—পাচে, এইবোৰ “প্ৰিং’ খকা; মোক ‘প্ৰিং” নথকা লাগে।

পাহ—কিয়, সেয়া “স্প্ৰিং” নথকাও আছে নহয়?

কৃষ্ণ-আছে বুলি, ইয়াৰ নালবোৰ লোৱৰ; মোক লাগে বাঁহৰ নালৰ। পাহ-বাঁহৰ নালৰো আছে; ৰ'ব বাৰু , মই দিওঁ। কৃষ্ণ—অ’ মই পাহৰিহে বাঁহ বুলিছোঁ; মোক কাঠৰ নালৰহে লাগে।

পাহ-তেন্তে, মোৰ ইয়াত নেপায়; আন ঠাইত বিচাৰকগৈ।

কৃষ্ণ—এৰা, ন’হলে কি কৰিবা? (যাব খুজি) অ’, এই আৰ্চীখনৰ দাম কিমান হেঁ? মোক হওঁতে নেলাগে; তেও শস্তা দামত পালে লৈ থ’ব পাৰোঁ। পাহ—দাম কৰিম নে ঠিক কথা ক’ম?

কৃষ্ণ--ঠিক কথা ক’বা আকৌ

পাহ—তেন্তে, এটকী ৰূপ দিব।

(কৃষ্ণকান্তৰ বেগেৰে প্ৰস্থান)

 ডাঙৰীয়া, লৰ মাৰিলে কিয়? কি দিব খোজে কৈ যাওক চান। কৃষ্ণ—( ভিতৰৰ পৰা) আঠ অনাত দিবানে?