এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ .১-দ. ৩
১৯
ভাগ্যপৰীক্ষা
| য়ন কবি, মোক ঠগিবলৈ আহিছিলি? মহৰ শিঙ্গত কি কঁকিলাদাৰ মাৰিবি! মইও বেপাৰী মানুহ; বেগত নোৱাৰ বলে। |
| পানী— | তুমি নপতিয়ানে নো আৰু কি কৰিম? |
(প্ৰস্থান)
( কৃষ্ণকান্ত প্ৰবেশ )
| পাহ— | ডাঙৰীয়া, আহক আহক, কি লাগে? |
| কৃষ্ণকান্ত— | ( মনতে) মই যদি পোনে-পোনেই আৰ্চী এখন লাগে বুলি কওঁ, সি আৰ্চীখনৰ মখনা হাতী এটাৰ দাম কৰিব। (শুনাই) মোক এটা ভাল ছাতি লাগে। |
| পাহ— | কেনেকুৱা লাগে চাওক; এইবোৰ বঢ়িয়া বঢ়িয়া ছাতি আছে। ( ছাতি এটা দেখুৱাই) এইটো যে ছাতি দেখিছে, ইয়াৰ যোৰৰ ছাতি, গোটে দহ টকাকৈ দিলেও, আমাৰ ইয়াত পাবলৈ নাই। নমুনা বুলি মুঠেই তিনটা ছাতি আহিছিল। আহি পোৱাহি দিনাই, এটা মেহিনীমোহন মুন্সিফে, এটা গোবিন্দৰাম উকিলে, দহ মহা দহ মহা ৰূপ পেলাই দি, বলেৰে নিয়াদি লৈ গ'ল; এই এটা আছে; বৰ বঢ়িয়া মাল। |
| কৃষ্ণ- -- | এইটো মোৰ চকুত নেলাগিল। |
| পাহ- | তেন্তে ইয়াৰ এটা নিয়ক। (আন এটা দেখুৱাই) দাম মুঠেই ছমহা; ইফালে বস্তুটো বৰ “মজবুদ্”। আজি চাৰি বছৰৰ আগতে, এই নম্বৰৰ ছাতি এটা মোৰ পেহীৰ পুতেকে নিছিল। তাৰ লোৱৰ দণ্ডি খয় গৈ ভাগি ধুনা-শুনা হৈ গৈছে, তেও |