এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ভাগ্যপৰীক্ষা
(পানীৰামৰ প্ৰবেশ)
| পাহ— | এইবাৰ আকৌ কি হ'ল? |
| পানী— | এৰা, দিয়া মৰাপাট আধেৰ। |
| পাহ— | মই তোক এতিয়াই কৈ পঠিয়াইছো নহয়, বোলোঁ মোৰ ইয়াত তই কালিয়ন-বাহিয়ন কৰিবলৈ নাহিবি; আকৌ কেলৈ চুপতি কৰিবলৈ আহিছ? |
| পানী— | বাৰু কালিয়নে দিব নেলাগে; হোৱা এয়া ধন লোৱাঁ |
| পাহ— | (ধন লৈ) অ’ এইদৰে হলে কথাই নাই; দোকান গোটেইখন নিলেও, এতিয়াই দিওঁ। (মৰা-পাট দিয়ে) তই এতিয়াই, ঘৰত পাই এটাও নাই বুলি শপত খাই, কালিয়নে মৰাপাট নিবলৈ আহিছিলি নহয়? |
| পানী— | আহিছিলোঁ। |
| পাহ— | পাচে দেখোন সেয়া ধানো কিনি আনিলি, সেয়া লোণ তেলো আনিলি, আৰু এয়া মৰা-পাটো কিনিলিহি; এতিয়া নো পাকটোতে ধন ক’ৰ ওলাল? |
| পানী— | এৰা, তেতিয়া পইচা নাছিল দেখি, সিমান কাকূতি কৰি, মৰা-পাট আধেৰ কালিয়নে খুজিলোঁ, তুমি নিদিলাঁ। পাচে দুখীয়াৰ দুখ দেখিব নোৱাৰি, এতিয়া হৰিয়ে দুমহা দিলে। তোমাৰ মৰম নেলাগিল বুলি, গৰাকীজনৰো লাগিব নেপায় নে। |
| পাহ— | যা যা হেৰ, এনে কাণত নোসোমোৱা কথা ক'বলৈ নাহিবি। তোতকৈ ঘঁটীয়া এটা পোৱা নাই। হাতত ধন থাকোতেও, কালি- |