সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ভাগ্যপৰীক্ষা

(পানীৰামৰ প্ৰবেশ)

পাহ— এইবাৰ আকৌ কি হ'ল?
পানী— এৰা, দিয়া মৰাপাট আধেৰ।
পাহ— মই তোক এতিয়াই কৈ পঠিয়াইছো নহয়, বোলোঁ মোৰ ইয়াত তই কালিয়ন-বাহিয়ন কৰিবলৈ নাহিবি; আকৌ কেলৈ চুপতি কৰিবলৈ আহিছ?
পানী— বাৰু কালিয়নে দিব নেলাগে; হোৱা এয়া ধন লোৱাঁ
পাহ— (ধন লৈ) অ’ এইদৰে হলে কথাই নাই; দোকান গোটেইখন নিলেও, এতিয়াই দিওঁ। (মৰা-পাট দিয়ে) তই এতিয়াই, ঘৰত পাই এটাও নাই বুলি শপত খাই, কালিয়নে মৰাপাট নিবলৈ আহিছিলি নহয়?
পানী— আহিছিলোঁ।
পাহ— পাচে দেখোন সেয়া ধানো কিনি আনিলি, সেয়া লোণ তেলো আনিলি, আৰু এয়া মৰা-পাটো কিনিলিহি; এতিয়া নো পাকটোতে ধন ক’ৰ ওলাল?
পানী— এৰা, তেতিয়া পইচা নাছিল দেখি, সিমান কাকূতি কৰি, মৰা-পাট আধেৰ কালিয়নে খুজিলোঁ, তুমি নিদিলাঁ। পাচে দুখীয়াৰ দুখ দেখিব নোৱাৰি, এতিয়া হৰিয়ে দুমহা দিলে। তোমাৰ মৰম নেলাগিল বুলি, গৰাকীজনৰো লাগিব নেপায় নে।
পাহ— যা যা হেৰ, এনে কাণত নোসোমোৱা কথা ক'বলৈ নাহিবি। তোতকৈ ঘঁটীয়া এটা পোৱা নাই। হাতত ধন থাকোতেও, কালি-