(সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্যকন্যাৰ প্ৰবেশ; মাণিকীৰ প্ৰস্থান)
| ধ-ক—
|
তোমাৰে নাওনে পানীৰাম?
|
| ধ-ক—
|
তুমিয়েই ফই বাটাঁ নে?
|
| পানী—
|
হয়; কোনখিনিৰ পৰা বা অহা হৈছে?
|
| ধ-ক—
|
আমি বহুতৰ মানুহ; তোমাৰ নাম শুনি, লগ পাবলৈ আহিলোঁ। এফেৰি দৰ্কাৰ আছে।
|
| পানী—
|
আপোনালোক, দেখিছে, কোনোবা ডাঙৰ লোক। এতিয়! বহিবলৈনো দিওঁ কি? মই ছাল-ছিগা ভিকহু। হেৰ, চাঙৰ ওপৰত টোপনি আৰি থোৱা মোৰ সেই ভাৰ-কাপোৰখন উলিয়াই দে; তাকে পাৰি দিওঁ বহিবলৈ।
|
| ধ-ক—
|
নেলাগে, নেলাগে থাওক; আমাৰ অলপ কথা; থিয়ৈ থিয় হ'ব।
|
| পানী—
|
পাচে, তেনে সকাম বা কি?
|
| ধ-ক—
|
আমি সদাগৰ মানুহ; নানা তৰহৰ বস্তু লৈ, দেশে বিদেশে বেপাৰ কৰি ফুৰে। এই নগৰলৈ আহি শুনিলোঁ, তুমি হেনো মৰাপাটৰ বঢ়িয়া বঢ়িয়া ফই বাটিব পাৰাঁ॥ সেই গুণে তোমাৰ গুৰিলৈ আহিলোঁ। তুমি আমাৰে সৈতে বন্দবস্ত কৰি লোৱা, তুমি যিমান ফই বাটাঁ, সকলোখিনি আমি থাউকতে, তোমাৰ ঘৰৰেপৰা কিনি নি খাকিমহি। তেতিয়া হ'লে, তুমি ফই বেচিবলৈ গৰাকী বিচাৰি ফুৰিব নেলাগে; তাৰ উপৰিও, লাগে লোকতকৈ অলপ দামো বঢ়াই দিম।
|