এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ভাগ্যপৰীক্ষা
| আমাক দুখীয়া দেখি মানুহে নপতিয়াওক, সেইটো লাজৰ কথা নহয়। চোৰ ডকাইত বুলি ঘিণালেহে বেয়া। |
| পানী— | হেৰ, সেইটো বুজিছোঁ। মই জানো কিবা এতিয়া সেই বাবে বেয়া পাইছো? বোলে "সৱাতকৈ ডাঙৰ হৰি কথা. তাতোকৈ ডাঙৰ চাউল কঠা।" এতিয়া সেই চাউল কঠাই ওলায় কৰ পৰা, সেইটো ভাবিহে বিমোৰ হৈছোঁ। কালি গধুলি সেই আধা-পেটী ভাত; দুপৰীয়া বাৰু আনকালো নাই, আজিও নাই; গধুলিকৈ তেও এগাল খাব লাগিব? এতিয়ানে সেয়ে হয় কেনেকৈ? |
| মাণি— | বাৰু আজি গধূলিৰ উপায় পাম। খুদ্ চাউল গোটাদিয়েক আছে। তাকে সিজালে জোৰা মৰিব; হয়ো যদি এমুঠি কম হ’ব। |
| পানী— | ভাত জানিবা সেয়ে হ’ল; তাকে গিলিবলৈ তেও লগত কিবা এট। লাগিব? |
| মাণি— | দেশত কিবা কচু শাকৰ মাকালে খাইছে নে? লোণ-তেলহে নাই হ’বলা; নাই, নাই; এদিন জানিবা লোণ-তেল নেপালোঁৱেই। |
| পানী — | আজি জানিবা এই দৰেই জোৰা মৰিব; কাইলৈ আকৌ খুদ্ চাউলো নাই নহয়? দিনটোৰ মুৰত এসঁজীয়াকৈয়ে আধা-পেটা ভাত এগালো নেপালেনো মানুহ থাকিব পাৰেনে? আমাৰ কপালত লঘোনে লঘোনে আঁত শুকাই মৰিবলৈহে লেখিব পায়! |
| মাণি— | বাৰু আজিৰ লেঠা আজি মৰক, কাইলৈ আকৌ পাচ কথা। হৰিয়ে এটা জোৰা মাৰিব; ফৰিঙ্গলৈকো কচু এডাল দিছে, আমাক নো আৰু খাবলৈ নিদি মাৰিবনে? |