পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-..-Y.?) ভাগ্যপৰীক্ষা ২য় দৃশ্য—পানীৰামৰ ঘৰ। ( বিমৰ্ষ মনেৰে পানীৰামৰ প্ৰবেশ) পানাৰাম। হৰি গুৰু শঙ্কৰ! হেৰ জেতুকী-মাক, এহেলৈ হোচোন। প্ৰভু, আজি ভাল চৰখৰীয়াত পেলাল। মিছাতে ৰ'দে ব’দে তখন টলৌ টলৌ কৰি ফুৰিলোঁগৈ; কামৰ ফালে একোটো ন’হল। কালি জানিব, মৰাপাট এমুঠি আছিল, তাৰেই ফই এডাল বাটি, তাকে বেচি শিকি এটা উলিয়াই, কোনো- মতে আধা-পেটীকৈ ভাত এসাঁজৰ দিহা কৰিলোঁ। আজি এতিয়া কৰে। কি! ( মাণিকীৰ প্ৰবেশ } মাণিকী—এত বেলিলৈকে নো ক’ত ফুৰিলাগে? পানী-অত বেলিলৈকে ফুৰিও যে একো কৰিব নোৱাৰিলোঁ! ধনাই ক’লীয়, সোণাৰাম, পাহৰৰ, ইহঁতৰ ঘৰে ঘৰে গৈ, কতনো কাকূতি কৰিলে, তেও মোক আধেৰ মৰা-পাটু কালিয়নে দিওঁত। ন’হ। কিয়নো দিব? অলপ ৰস্পম্ থকা যেন দেখিলেহে মানুহে মানুহ যেন দেখে; আমাৰ নিচিনা নোম-দৰিদ্ৰক কোনেও পাই এটালৈকে নপতিয়ায়। মণি—নপতিয়ায়, নেলাগে পতিয়াব। দুখীয়া বুলি কিবা সিহঁতৰ ঘৰত পৰি আছেগৈ নে? নাই কাৰবাৰ ঘৰত চুৰ কৰিবলৈকে গৈছো?