পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাগ্যপৰীক্ষা

যদিও সকলোখিনি ধনেই কৰিছে, কৰিব পাৰিছে ভাগ্য আছে দেখি মাত্ৰ গুৰিত সহায়। এই নগৰতে চোৱা, ৰা-ভৱনৰ দৰে প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ শোভিছে এফালে, ইফালে দূৰত সৌ দুখীয়াৰ পঁজা শাৰী শাৰী সোণৰ কঁহীত, নানা তৰহৰ উপাদেয় ৰাজভোগে আমুৱায় এই ফালে, সিফালে, এসজি খায় আধা-পেটী ভাত, লোণ তাতে। নিমিলে শাকত। দুখীয়া, সুখীয়া, ইয়ো একে প্ৰাণ ধৰে, একেদৰে বশীভূত জনম মৃত্যুৰ, অস্থি মাংস শোণিতেৰে একেদৰে গঠিত শৰীৰ, একে পৃথিৱীতে থাকে, একে জোন, একে বেলি একে বায়ু উভয় জনৰে; তথাপিতো, ইমান প্ৰদে কিয় হয় অৱস্থাৰ? ভাগ্য মাত্ৰ কাৰণ ইয়াৰ। তাকেহে কৰিব লাগে প্ৰমাণ এতিয়া।