পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভাগ্যপৰীক্ষা

ঠায়ে ঠাৰে বিতোপন প্ৰমোদ কানন
নন্দন কানন যেনে।
গোটেই নগৰ জুৰি,
ৰাজ-ভৱনৰ দৰে
প্ৰকাণ্ড প্ৰকাণ্ড ঘৰে গগণ ভেদিছে;
মনোময় বিবিধ শিল্পৰ
চানেকি একেটি যেন প্ৰত্যেক ঘৰেই।
ঘৰে ঘৰে, মাৰ্জিত ৰুচিৰে পতা
সুশোভন ফুলনি সুন্দৰ;
চকু জুৰ কৰে, মন প্ৰাণ হৰে
বতাহক সুবাস বিতৰে
ফুল ফুলে ফুলনিৰ।
সঁচা সখি, সুন্দৰ নগৰ,
মনোহৰ দৃশ্য অতিশয়।
চোঁৱা পুন,
নগৰৰ ঘাটত সদায়
চাপিছে মেলিছে কত শত জল-যান;
উঠিছে নগৰ জুৰি বাণিজ্যৰ ঢৌ,
উথলি পৰিছে যেন গোটেই নগৰ।
ভাবি চোৱাঁ,
এই যে সকলোখিনি ধনেই কৰিছে;
সমস্ত নগৰে যেন
কীৰ্ত্তনিছে ধনৰ মহিমা।