সমললৈ যাওক

পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ভক্তি-ৰত্নাৱলী

ভকতি বৰ্জ্জিত ভৈলে হেন জ্ঞানে,
 শোভা অতি নকৰয়।
পৰম নিষ্কাম কৰ্ম্মো নোশোভয়,
 কৃষ্ণত যাৱে নৰ্পয়॥
ভকতি সহায় নভৈলে যিহেতু,
 জ্ঞানৰো হেন অৱস্থা।
সদা দুঃখ ময় যিটো কাম্য কৰ্ম,
 কৈবো কিবা তাৰ কথা॥ ২৮১॥
ভকতি সহায় বিনে জ্ঞানে কৰ্মে,
 নসাধে কাৰো মুকুতি।
কাহাকো সহায় নচাৱে ভকতি,
 গৰিষ্ঠ এহি সুগুতি॥
জ্ঞান কৰ্ম্ম যত সমস্ততো কৰি,
 কহিলো শ্ৰেষ্ঠ ভকতি।
ইদানীকো সবে মোক্ষতো অধিক,
 দঢ়ায়া কৰো সম্প্ৰতি॥২৮২॥
জীৱন্তে মুকুত  ভৈলে যিটো অতি,
 আত্মাত মাত্ৰ ৰময়।
শাস্ত্ৰ বহিৰ্ভুত  ভৈল হৃদয়ৰো,
 ভকতি কৰে কৃষ্ণত॥