পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
প্ৰাক্-ঐতিহাসিক যুগ

মানৱ জাতিৰ দ্বিতীয় আৱিষ্কাৰ বুলিব পাৰি। জুইৰ ওচৰত থাকিলে জাৰ আদি গুচে, আৰু কোনো বস্তু পুৰিলে তাৰ অন্য ৰূপ ধৰে, তাকো লক্ষ্য কৰিছিল বুলি অনুমান হয়। সময়ত সেই জুইত কাঠ- বাঁহৰ ডাল আদিৰ আগ-গুৰি পুৰি টাঙোন-টোকোন স্বৰূপে ব্যৱহাৰ কৰিছিল যে, তাত কোনো সন্দেহ নাই। ক্ৰমে মাটিৰ ওপৰত পোৰা সৰু শিল একো খণ্ডেৰে আন কোনোডোখৰত মৰিয়াই চুটীয়া উলিয়াই তাৰ ধাৰাল চুটীয়াবোৰ টাঙোন-টোকোনৰ আগত লতা বা খেৰেৰে বান্ধি সাধাৰণ ৰকমৰ জাঠি-জোং তৈয়াৰ কৰি লৈছিল বুলি ভূতত্ত্ববিদ্- সকলৰ ধাৰণা। এনেকৈ নতুন আৱিষ্কৃত অগ্নি আৰু জাঠি-জোঙৰ সহায়ত আদিম মানৱবিলাক সেই প্ৰাচীন যুগৰ ডাঙৰ ডাঙৰ বনৰীয়া হিংস্ৰ জন্তুবিলাকৰ আক্ৰমণৰপৰা আত্ম-ৰক্ষা কৰিবলৈ কিছু পৰিমাণে সমৰ্থ হৈছিল। এই যুগকে পণ্ডিতসকলে নৱ-প্ৰস্তৰযুগ নাম দিছে। এই যুগতে, লাহে লাহে অভাৱৰ লগে লগে, মানুহৰ বুদ্ধি-বৃত্তি বিকাশ পাবলৈ ধৰিলে আৰু সিহঁতে শিল বা আন বস্তুৰ অস্ত্ৰ-শস্ত্ৰ সজাত পাৰদৰ্শী হৈ আহিল, দূৰৈৰ পৰা অস্ত্ৰ চলোৱা উপায় উলিয়াই মানুহ জীৱবিলাকৰ ভিতৰত শ্ৰেষ্ঠ হৈ উঠিল। ক্ৰমে ধনুৰ সহায়ত বাটলু-গুটি বা শৰ মৰা কৌশল আৱিষ্কাৰ কৰি মানুহে শত্ৰু নিপাত কৰিব পৰা হ'ল আৰু পৃথিৱীৰ অধিকভাগ ঠাইকে বাসৰ উপযোগী কৰি ল'লে। ধৰিবলৈ গ'লে, এই যুগৰপৰাই মানৱ সভ্যতাৰ সূত্ৰপাত হ’ল। এই যুগৰ আয়ুধ বা অস্ত্ৰ-শস্ত্ৰবিলাক প্ৰত্ন-প্ৰস্তৰ যুগৰ তুলনাত লেখত সৰহ, অলপ শিল্প-নিপুণতা থকা আৰু আকাৰে-প্ৰকাৰেও নানাবিধ। ভাৰতৰে নানা ঠাইত প্ৰাচীন আৰু নব্য-প্ৰস্তৰ যুগৰ অনেক আকাৰৰ শিলৰ অস্ত্ৰ-
-৭