পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰাক্-ঐতিহাসিক যুগ

 পৃথিবীৰ সৃষ্টি-পাতনি কোন যুগত কোন অতীজত মানৱ জন্মৰ সূত্ৰপাত হৈছিল সেই কথা এতিয়াও অন্ধকাৰৰ গৰ্ভত;—কেতিয়াবা যে তাৰ কিবা নিবাৰণ হৈ উঠিব এনে সম্ভাৱনা নাই। হিন্দুৰ প্ৰাচীন শাস্ত্ৰাদিত অন্যান্য জীৱ-সৃষ্টিৰ পাছতহে মানৱ-সৃষ্টি হোৱা বলি লিখা আছে। প্ৰাণীতত্ত্ববিদ পণ্ডিতসকলেও সিদ্ধান্ত কৰিছে, বৰ্তমানে সংসাৰৰ ভিতৰত যিমানবিলাক প্ৰাণী দেখা যায়, সেই সকলো প্ৰাণীৰ পাছতহে মানুহৰ আৱিৰ্ভাৱ হৈছিল। ভূতত্ত্ববিদ, পণ্ডিতসকলেও পৃথিৱীৰ বয়সক তিনি যুগত বিভক্ত কৰি, শেষ যুগৰ অন্ত-ভাগত মানুহৰ জন্ম হৈছিল বুলি অৱধাৰণ কৰিছে।
  মানৱৰ আদি বাসস্থান ক’ত আছিল, এই কথা লৈও নানা পণ্ডিতে নানা মত প্ৰকাশ কৰে, কিন্তু কোনো মতেই একেবাৰে নিঃসন্দেহে গ্ৰহণ কৰিব নোৱাৰি। সিহঁতে প্ৰথমে কোনৃ ভূখণ্ডৰপৰা এই সমস্ত পৃথিৱীতে সিঁচৰতি হৈ পৰিল, একে ঠাইতে উপজিছিল, নে-ঠায়ে ঠায়ে একে সময়তে জন্ম লাভ কৰিছিল, ইত্যাদি কথা এতিয়াও সুমীমাংসিত হৈ উঠা নাই।
 এই আদিম মানৱবিলাকে আদিতে কি খাই জীয়াই আছিল, সেই কথাও নিশ্চয়কৈ জনা নেযায়। ভূতত্ত্ববিদ্ আৰু প্ৰাণী-তত্ত্ববিদ্ পণ্ডিতসকলে স্থিৰ কৰিছে যে, মানৱ-জাতি আদিতে উদ্ভিদ্-ভোজী আছিল। যেতিয়া যুগ-পৰিৱৰ্ত্তনৰ ফলত মানৱ-জন্মৰ বহুকাল পাছত, দেশ তপত বা চেঁচা হৈ পৰিল, ফল-মূল, শাক-পাচলিৰ অভাৱ হৈ