পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৯৪ শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী

অঙ্গ,--অসমীয়াত্বৰ শিলডোখৰতহে তাৰ অস্তিত্বৰ চিৰন্তনীয় পীৰাখন, তাক হৰুৱালে ধৰণী-হীন হৈ বাগৰি পৰি সি নিৰ্ম্মূল হ’ব।

  অসমীয়াও ভাৰতীয়, আৰু আন প্ৰাদেশিক লোকসকলো ভাৰতীয়, গতিকে, ভাৰতীয় লোক ভাৰতীয়ৰ ঠাইত আহি বসতি কৰাত আপত্তি তোলাটো অন্যায়,-এই কথাষাৰে অসমীয়াৰ আগত সুস্থ আৰু সত্য হৈ দেখা দিব কেতিয়া? যেতিয়া আন প্ৰদেশৰ লোকসকল অসমলৈ নিজ নিজ প্ৰাদেশিক পৰিচয়ৰ দাবীৰ বোজা লৈ নাহি, ভাৰতীয়ৰ পৰিচয়েৰে ভাৰতীয় হিছাপে আহি অসমীয়াৰ মাজত সোমাই ভাষা, সংস্কৃতি, জাতীয়তা, আশা-আকাঙক্ষা আদি সকলো বিষয়তে তাৰ লগত সনাসনৰব তালেৰে একেটা হৈ পৰিব। নহ'লে, বহল ভাৰতীয়তাৰ দোহাই দি, প্ৰাদেশিক পৰিচয়ক ক্ষুদ্ৰতাৰে প্ৰাদেশিক জাতীয়তাৰ গুৰুপাকী স্বাৰ্থ এটা আন এটা প্ৰাদেশিক জাতীয়তাৰ বুকত গজাই লৈ স্থানীয় লোকৰ লগত চিৰ-সংঘৰ্ষ চলাই থাকিবলৈকে দিহা কৰিলে, ভাৰত মহাজাতীয় একতা কোনো কালেই সম্পাদিত হৈ নুঠিব।

  ভাৰতৰ সাংস্কৃতিক জীৱনৰ অন্যতম ঘাই অঙ্গ হিছাপে অসমীয়া (কামৰূপীয়) জাতিটোৱে সেই পুৰণি কালৰপৰাই বেদ-ভাগৱত, ৰামায়ণ মহাভাৰত, পুৰাণাদি প্ৰামাণ্য শাস্ত্ৰসমূহত গৰীয়ান প্ৰসিদ্ধি লাভ কৰি আহিছে। সি ভাৰতত বৰ্ত্তিব লাগিলেও অসমীয়াৰ দৰেই বৰ্ত্তিব, আৰু মৰিব লাগিলেও অসমীয়াৰ দৰেই মৰিব। ইয়াত ভাৰতৰ অন্যান্য প্ৰাদেশিক জাতি-সমূহৰ আনন্দ-উল্লাসো নাই আৰু বিষাদ কান্দোনো নাই। অসমীয়াই নিজৰ পৈতৃক দেশত নিজৰ জীৱন বা মৰণ নিজে ঠিৰাং কৰি ল'ব।

শ্ৰীঅম্বিকাগিৰী ৰায়চৌধাৰী