পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাৰতীয়ৰ স্বৰাজ আৰু অসমীয়াৰ স্বৰাজ

একো প্ৰমাদ নঘটাই অসমীয়া জাতিৰ অন্তৰ্ভুক্ত হৈ থকাৰ ছৰ্ত্ত এটাৰে সেও কৰিহে দিলেহেঁতেন। কিন্তু আজি সমগ্ৰ ভাৰতৰ লগতে সি তাৰ ঘাই-স্বাৰ্থৰ প্ৰতি উদাসীন ছৰকাৰ এটাৰ অধীন হোৱা গুণেই অসমত অসমীয়াৰ এই ছৰ্ত্তৰ জোৰ নোহোৱা হ'ল। সেই বাবে, অস- মীয়াৰ ভাল-বেয়াত ভাগ নথকা বৃটিছৰ লগে লগে বাহিৰৰ অসংখ্য লোক মান-মৰাণৰ উপদ্ৰৱত হাড়ে-ছালে লগা অসমীয়াৰ ওপৰত আহি পৰি তাৰ বৈশিষ্ট্যেতো নাশ কৰিলেই, এতিয়া তাৰ দৈহিক অস্তিত্বও সংশয়জনক কৰি তুলিলে।

  অসমীয়াৰ আজিৰ এই ভীষণ অৱস্ৰব পৰিণামটো উপলব্ধি কৰি, কোনোবাই বাহিৰৰ অসংখ্য লোক আহি অসমত বসতি কৰাত আপত্তি তুলি কিবা আন্দোলন এটা কৰিব খুজিলেও, আমাৰ ওপৰ-চকুৱা নেতা কিছুমানে কয়, যে ইয়াত আপত্তি কিয় তুলিব লাগে? আমি সকলো- ৱেই ভাৰতীয়। অসমীয়াও ভাৰতীয়, আন প্ৰদেশৰ লোকবিলাকো ভাৰতীয়,—গতিকে ভাৰতীয়ৰ ঠাইত ভাৰতীয় আহি বসতি কৰাত আনন্দ পোৱা উদাৰতাখিনি আমাৰ থকা উচিত। কিন্তু সেই লোক- বিলাক ভাৰতৰ যি যি ঠাইৰপৰা আহিছে, সেই সেই ঠাইৰ জাতীয় বিভিন্নতাবিলাক যে অসমীয়াৰ জাতীয় স্বাৰ্থৰ লগত মিলাই দি তাক শক্তিশালী কৰিবলৈকে নাহি, তেওঁলোকৰ প্ৰাদেশিক বৈশিষ্ট্যবিলাকহে আমাৰ বুকুত পুতি লৈ আমাক অস্তিত্বহীন কৰি অসমত আধিপত্য স্থাপন কৰিবলৈকে অকল অহাই নহয়, পাৰ্য্যমানে চেষ্টাও কৰিছে, এই স্পষ্ট কথাটো তেওঁলোকে বুজিবলৈ অলপপ কষ্ট স্বীকাৰ নকৰে। এই সকল নেতাই এই সহজ সত্যটোও বুজি নাপায় যে নিজৰ পূৰা পৰিপুষ্টি লৈহে আন বিলাকৰ দৰে অসমীয়া জাতিটো ভাৰতীয় মহাজাতিৰ